কৰ্মশালা
কৰ্মশালা 
অসম

উৰিয়ামঘাটত বড়োসকলৰ বৈসাগু নৃত্য আৰু বাদ্য যন্ত্ৰৰ কৰ্মশালা আৰম্ভ...

Asomiya Pratidin

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ বিহুলৈ মাজত মাত্ৰ কেইটা মান দিন বাকী । সকলো সাজু হৈছে বিহুটিক আদৰিবলৈ । বাদ পৰা নাই কৰ্মশালাসমূহো । বিহুকলৈ এতিয়া ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে কৰ্মশালাৰ ।

ধনশিৰি মহকুমাৰ বিহুৰ কৰ্মশালাটো সমান্তৰালভাৱে বড়োসকলৰ বৈসাগু নৃত্য আৰু এই বৈসাগু নৃত্যৰ লগত সংগত কৰা বাদ্য যন্ত্ৰ বজোৱাৰ কৰ্মশালা আৰম্ভ হৈছে। উৰিয়ামঘাট ৰেংমা আঞ্চলিক বড়ো সাংস্কৃতিক সন্থা আৰু বডছা ক্লাৱ কে কে বড়ো লাইব্ৰেৰীৰ উদ্যোগত হোৱা উক্ত কৰ্মশালা শনিবাৰে উদ্বোধন কৰে বড়ো কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য প্ৰদীপ স্বৰ্গীয়াৰীয়ে ।

উদ্বোধনী ভাষনত বড়োসকলৰ সংস্কৃতি আৰু বাদ্য যন্ত্ৰ সমূহৰ বিষয়ে কোৱাৰ ওপৰি ও উক্ত কৰ্মশালাৰ বাবে স্বায়ত্ব শাসিত পৰিষদৰ পৰা আৰ্থিক সাহাৰ্য আগবঢ়োৱা হব বুলি ঘোষণা কৰে । উক্ত উদ্বোধনী অনুষ্ঠানত বিনন্দ বডোছা, নিলেশ্বৰ বক্ষ, জেনকিন বসুমতাৰী, নন্দেশ্বৰ বসুমতাৰীকে প্ৰমূখ্য কৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।