অসম

লামডিং আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহু নাচ আৰু ঢোল বাদনৰ প্ৰশিক্ষণ...

Asomiya Pratidin

ডিজিটেল সংবাদ, লামডিংঃ নঙলাৰ মুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুটি ।ৰাজ্যত লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সমান্তৰালকৈ ৰাজ্যত বাপুতি সাহোন ৰঙালী বিহুটিকো আদৰাৰ প্ৰস্তুতি চলিছে ৷ অসমৰ বিভিন্ন প্ৰান্তৰ লগতে লামডিং আঞ্চলিক ছাত্ৰ সন্থাই এক প্ৰসংশনীয় পদক্ষেপ গ্ৰহন কৰিছে ।

পোন প্ৰথমবাৰৰ বাবে লামডিং আঞ্চলিক সন্থাৰ উদ্যোগত পাঁচদিনীয়া কাৰ্যসূচীৰে সোমবাৰৰ পৰা আৰম্ভ হৈছে বিহু নাচ আৰু ঢোল বাদনৰ কৰ্মশালা। লামডিং শ্বহীদ মৈদানত আৰম্ভ হোৱা এই ৫দিনীয়া কৰ্মশালাত শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। আজি লামডিঙত আৰম্ভ হোৱা এই কৰ্মশলাত বিভিন্ন ভাষা ভাষিক প্ৰশিক্ষাৰ্তীৰ অংশগ্ৰহনে এক সমন্বয়ৰ বাৰ্তাও কঢ়িয়াই আনিছে ৷