অসম

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰহোলা আঞ্চলিক শাখাৰ ৪৩ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন

Asomiya Pratidin

ডিজিটেল সংবাদ, বেকাজান : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰহোলা আঞ্চলিক শাখাৰ ৪৩ সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনৰ আজি নগাবাট শুকাজানৰ গোবিন্দগিৰি সমন্বয় ক্ষেত্ৰত সহস্ৰাধিক ভকত -বৈষ্ণৱৰ উপস্থিতৰে আৰম্ভ হৈছে।

এই উপক্ষে আজি পুৱা গোবিন্দগিৰি প্ৰাথমিক নামঘৰত নাম প্ৰসংগ অনুষ্ঠিত হয় । ইয়াৰ পাছতে এঘাৰ বজাত পবিত্ৰ গগৈৰ সভাপতিত্বত বৰহোলা আঞ্চলিকৰ সাহিত্য শাখাৰ মুকলি অধিৱেশন অনুষ্ঠিত হয় । সাহিত্য শাখাৰ অধিৱেশন উদ্বোধন কৰে উপদেষ্টা ৰোহিনী গগৈয়ে আৰু নিদিষ্ট বক্তা হিচাপে ভাষণ প্ৰদান কৰে ডঃ অখিল কুমাৰ গগৈয়ে । দুপৰীয়া বিৰেশ্বৰী ৰাজখোৱাৰ সভাপতিত্বত আই-মাতৃ সমাৰোহ অনুষ্ঠিত হয় । সমাৰোহত ভাষণ প্ৰদান কৰে ময়ূৰী ফুকন আৰু শিশু বক্তা গৌতম শইকীয়াই ।

আনহাতে কাইল দ্বিবাৰ্ষিক পুৱা বৰ্ণিল সাংস্কৃতিক ভাগৱত শোভাযাত্ৰা । দুপৰীয়া মুকলি সভা উদ্বোধন কৰিব শংকৰদেৱৰ সংঘৰ বৰহোলা আঞ্চলিকৰ উপদেষ্টা ডম্বৰুধৰ গগৈয়ে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, তিতাবৰ সমষ্টিৰ বিধায়ক ভাস্কৰজ্যোতি বৰুৱা, ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী প্ৰতাপ কছাৰী ।

উল্লেখযোগ্য অধিৱেশনস্থলীত নগাবাট শুকানজান গাঁৱৰ গোবিন্দগিৰি সমন্বয় ক্ষেত্ৰত সহস্ৰাধিক ভকত বৈষ্ণৱৰ উপস্থিতয়ে উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰিছে।