মিচিং জনগোষ্ঠীয় ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে ভূপেন বৰাই...
মিচিং জনগোষ্ঠীয় ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে ভূপেন বৰাই... 
অসম

মিচিং জনগোষ্ঠীয় ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে ভূপেন বৰাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ মিচিং জনগোষ্ঠীৰ সন্মানীয় বস্ত্ৰ ৰিবি গাচেংত বহি আহাৰ গ্ৰহণ কৰাক লৈ বিপদত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। বৰাৰ এই কাৰ্যক লৈ শাসকীয় বিজেপিৰ লগতে একাংশ মিচিং জনগোষ্ঠীয় দল, সংগঠনে সমালোচনা কৰি আহিছে। তাৰ মাজতে মঙ্গলবাৰে ভূপেন বৰাই এক বিবৃতিৰ জৰিয়তে মিচিং জনগোষ্ঠীয় ৰাইজৰ ওচৰত ক্ষমা বিচাৰিছে।

বৰাই এক বিবৃতিত কয়, জোনাইৰ ন-পাম কুলি গাঁৱৰ প্ৰাক্তন গাঁওপ্ৰধানৰ ঘৰলৈ যোৱাৰ সময়ত আমাক আদৰ-সাদৰ কৰি বস্ত্ৰ পাৰি বহিবলৈ দিয়ে। পৰৱৰ্তী সময়ত যিখন বস্ত্ৰ পাৰি আমাক বহিবলৈ দিয়া হৈছিল সেয়া ৰিবি গাচেং বুলি জানিব পাৰি ময়ো অত্যন্ত দুখিত । গৃহস্থই কিয় সেই কাম কৰিলে মই তত ধৰিব নোৱাৰিলো।

ইয়াৰোপৰি তেওঁ উল্লেখ কৰি কয়, সকলো জনগোষ্ঠীৰ ৰীতি-নীতি, কলা-কৃষ্টি, পৰম্পৰাক সন্মান কৰাতো আমাৰ জাতীয় দায়িত্ব। ভূমিপুত্র মিচিং জনগোষ্ঠীৰ অন্তৰত আঘাত দিয়াৰ কোনো ধৃষ্টতা আমাৰ নাই। অজানিতে হোৱা ভুলৰ বাবে মই নতশিৰে ক্ষমা বিচাৰিছো ।