ভাৰতীয়া ট'কিজ
ভাৰতীয়া ট'কিজ 
অসম

ভাৰতীয়া ট'কিজ : একালৰ বৃন্দাবন একালত পৰে ছন

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ৮০ বছৰৰৰ ঊৰ্দ্ধৰ অসমীয়া চিনেমাৰ উদ্যোগটি। ১৯৩৫ চনতে জয়মতী ছবিৰ জৰিয়তে অসমীয়া চিনেমাৰ বাট কাটিছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই।

প্ৰায় ২০০৬ চনৰ পৰা বাণিজ্যিকভাৱে অসমীয়া চিনেমাই বৰ এটা আশানুৰূপ ফলাফল দাঙি ধৰিব পৰা নাই। অৱশ্যে ২০১১ চনত মুনিন বৰুৱাৰ ৰামধেনু ছবিখনে অসমীয়া ছবিলৈ এক আশাৰ ৰেঙণি আনিছিল যদিও পৰৱৰ্তী সময়ত আকৌ অসমীয়া ছবিয়ে মন্দাৰ ফালে গতি কৰে।

যাৰ বাবে এবাৰ প্ৰযোজনা কৰা প্ৰযোজকে দুনাই ছবি কৰিবলৈ সাহস গোটাব নোৱাৰা এটি অৱস্থা হ'ল। সুদীৰ্ঘ বিৰতিৰ অন্তত মৰসাহ গোটাই জুবিন গাৰ্গে নিৰ্মাণ কৰিলে মিছন চাইনা। যিয়ে পুনৰ অসমীয়া ছবিক ঘূৰাই আনিলে আগৰ অৱস্থালৈ।

হিল-দোল ভাগি ছবিগৃহত ভৰি পৰিলে হাজাৰ হাজাৰ দৰ্শক। বিলুপ্তপ্ৰায় বহু ছবিগৃহ মিছন চাইনা ছবিৰ জৰিয়তে পুনৰোদ্ধাৰ হ'ল। তাৰ মাজৰে এটি ছবিগৃহ হৈছে নলবাৰীৰ ভাৰতীয়া ট'কিজ।

নলবাৰী তথা জিলাখনৰ বিভিন্ন প্ৰান্তৰ চিনেমা ভালপোৱা মানুহৰ ভাৰতীয়া ট'কিজেই আছিল অৱসৰ বিনোদনৰ মাধ্যম। আজৰি সময়ত পৰিয়ালৰ সৈতে প্ৰায় সংখ্যক দৰ্শকে ছবিগৃটিত গৈ উপভোগ কৰিছিল বিভিন্ন ছবি।

কিন্তু ২০১৭ চনৰ পৰা ছবিগৃহটিত চানি ধৰিছে গছ-লতিকাই। একালৰ বৃন্দাবন একালত পৰে ছন। পৰিতাপৰ কথা যে, মিছন চাইনাই আছিল ছবিগৃহটিত প্ৰদৰ্শিত হোৱা অন্তিমখন ছবি। তাৰপাছত একাধিক বাণিজ্যিকভাৱে সফল ছবিয়য়ে অসমৰ বিভিন্ন ছবিগৃহত মুক্তি লাভ কৰিলে যদিও নলবাৰীৰ ছবিগৃহটিত প্ৰদৰ্শন কৰিব পৰা নগ'ল।

ভাৰতীয়া ট'কিজত কাঞ্চনজংঘা,ৰত্নাকৰ আদি বাণিজ্যিকভাৱে সফল ছবি উপভোগ কৰাৰ পৰা বঞ্চিত হ'ল নলবাৰীবাসী। জিলাখনৰ ভালেমান দৰ্শকে আন আন ছবিগৃহত যাবলগীয়া হ'ল।

অহা ২ জুনত মুক্তি পাব ৰবি শৰ্মাৰ শ্ৰী ৰঘুপতিয়ে। এই ছবিখনো যে ভাৰতীয়া ট'কিজত দৰ্শকে উপভোগ কৰিব তাৰ কোনো নিশ্চয়তা নাই। কিয়নো ক্ৰমে জহি-খহি গৈছে ছবিগৃহটি।

ছবিগৃহটিক আগৰ অৱস্থালৈ ঘূৰাই আনিবলৈ লাগিব বহু সময়। অৱশ্যে তাৰ মাজতে নলবাৰীৰ দৰ্শকে অনাগত সময়ৰ বাবে মনত আশা পুহি ৰাখিছে।

বহু স্মৃতি বিজড়িত নলবাৰীবাসীৰ আশা, অনাগত দিনত ভাৰতীয়া ট'কিজে ঠন ধৰি উঠিব। আকৌ দৰ্শকৰ সোঁত ব'ব ছবিগৃহটিলৈ। ভাৰতীয়া ট'কিজ মাত্ৰ উদাহৰণ। অসমৰ বিভিন্ন প্ৰান্তত ভাৰতীয়া ট'কিজৰ দৰে বহু ছবিগৃহ এইদৰে মৃত্যুৰ ক্ষণ গণি আছে।