বিশ্বনাথ চাৰিআলিত আপৰ ৰোড শ্ব'ত ভগৱন্ত মানে ক'লে অসমত ২০২৬ ত হ'ব আপৰ চৰকাৰ
বিশ্বনাথ চাৰিআলিত আপৰ ৰোড শ্ব'ত ভগৱন্ত মানে ক'লে অসমত ২০২৬ ত হ'ব আপৰ চৰকাৰ 
অসম

বিশ্বনাথ চাৰিআলিত আপৰ ৰোড শ্ব'ত ভগৱন্ত মানে ক'লে অসমত ২০২৬ ত হ'ব আপৰ চৰকাৰ

Asomiya Pratidin

ডিজিটেল সংবাদ গুৱাহাটীঃ "আপোনালোকে মোৰ কথা লিখি ৰাখক। মই কৈছো - ২০২৬ চনৰ এপ্ৰিলত অসমত আম আদমী পাৰ্টিয়ে চৰকাৰ গঠন কৰিব।" আজি বিশ্বনাথ চাৰিআলিত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে আয়োজিত এক বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰাৰ অন্তত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি এনেদৰে কয় পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে।

দলৰ শোণিতপুৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থীগৰাকীৰ হকে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহা মুখ্যমন্ত্ৰী মানে তেওঁৰ অসম ভ্ৰমণৰ দ্বিতীয় দিনতো অসম চৰকাৰে ৰাজ্যখনৰ ৮ হাজাৰ চৰকাৰী স্কুল বন্ধ কৰাৰ বিৰুদ্ধে সৰৱ হোৱা পৰিলক্ষিত হয়। সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি তেওঁ কয়-"অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত খণ্ডৰ স্কুল আৰম্ভ কৰিছে। যি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ব্যক্তিগত খণ্ডৰ স্কুল খুলে, সেই ৰাজ্যত চৰকাৰী স্কুল বন্ধ হ'বই। "

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণৰ লক্ষ্য কৰি লৈ তেওঁ কয়-"২০২২ চনত কংগ্ৰেছ চৰকাৰৰ আমোলত বৰ্তমানৰ মুখ্যমন্ত্ৰী গৰাকী অসমৰ শিক্ষা আৰু স্বাস্থ্য বিভাগৰ মন্ত্ৰী আছিল। তেওঁৰ যদি সদিচ্ছা থাকিলেহেঁতেন, তেতিয়াই অসমৰ শিক্ষানুষ্ঠান আৰু স্বাস্থ্য কেন্দ্ৰসমূহৰ অৱস্থা তেতিয়াই দিল্লী আৰু পঞ্জাৱৰ দৰে কৰিব পাৰিলোহেঁতেন। অসমৰ মানুহে যিকোনো ৰোগৰ উন্নত চিকিৎসা লাভৰ বাবে চণ্ডীগড় অথবা দিল্লীলৈ দৌৰি যাব নালাগিলহেঁতেন।"

পঞ্জাবৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- তেওঁৰ ৰাজ্যত বিগত দুবছৰৰ ভিতৰত ৪৩ হাজাৰ চৰকাৰী নিযুক্তি প্ৰদান কৰিছে। পঞ্জাবৰ বৰ্তমান চৰকাৰে ৰাজ্যখনত দুৰ্নীতি মুক্ত প্ৰশাসন গঢ়ি তুলিছে।" বিশ্বনাথ চাৰিআলিৰ ক্লক টাৱাৰৰ পৰা চহৰৰ মূল পথেৰে কেইবা কিলোমিটাৰ জোৰা বিশাল ৰোড শ্ব'ত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মানে অসমৰ চাহ শ্ৰমিকৰ মজুৰি ৪৫০ টকালৈ বৃদ্ধিৰ গেৰাণ্টি দিয়ে। চাহ বাগিছাৰ লোকৰ মাটিৰ পট্টা প্ৰদানৰ সংকল্পও ঘোষণা কৰে।

আম আদমি পাৰ্টীৰ হাজাৰ হাজাৰ দলীয় কৰ্মী-সমৰ্থকৰ উপৰি বিভিন্ন সাংস্কৃতিক দল, হুচৰি দল তথা সাধাৰণ নাগৰিকৰ স্বতঃস্ফুৰ্ত অংশগ্ৰহণে এই ৰোড শ্ব'ৰ গুৰুত্ব বৃদ্ধি কৰে। এনে অভূতপূৰ্ব জন সমৰ্থন প্ৰত্যক্ষ কৰি ভগৱন্ত মানে কয়- আমি অসমৰ জনসাধাৰণৰ অপৰিসীম মৰম লাভ কৰিছো। এনে ভালপোৱা মই পঞ্জাৱত পাইছো। এতিয়া অসমতো একেই অৱস্থা। এয়া অসমৰ ৰাজনৈতিক ইতিহাসৰ পৰিবৰ্তনৰ ইংগিত। "

এনেদৰে উচ্ছসিত বক্তব্যৰে হাজাৰ হাজাৰ ৰাইজৰ মনোযোগ আকৰ্ষণ কৰে পঞ্জাবৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে। অসম আৰু পঞ্জাৱৰ সাংস্কৃতিক সাদৃশ্যৰ বিষয়েও সদৰি কৰে মুখ্যমন্ত্ৰী মানে। অসমত যেতিয়া ৰঙালী বিহু উদযাপন কৰা হয় তেতিয়া পঞ্জাবত বৈশাগু পালন কৰা হয়।

অসমীয়াৰ ভোগালী বিহুৰ সময়ত পাঞ্জাৱীসকলে লহৰি উৎসৱ পালন কৰে। আজিৰ ৰোড শ্ব'ৰ মাজতে খোলা ভানৰ পৰা নামি গৈ বিশ্বনাথ চাৰিআলি চহৰস্থিত গুৰুদ্বাৰত মুখ্যমন্ত্ৰী মানে ভক্তি নিবেদন কৰে। কাৰ্যসূচীত ভগৱন্ত মানৰ সৈতে দলৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য, আপৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা আৰু ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়েও অংশগ্ৰহণ কৰে।