অসম

যুৱ অলিম্পিকৰ টাং চু ডু প্ৰতিযোগিতাত সোণৰ পদক লাভ ভৱাৰ্ণব অশোক শইকীয়াৰ…

asomiyapratidin

ডিজিটেল ডেস্ক: অসম যুৱ অলিম্পিক ২০২২ ত টেপেচিয়াৰ ডন বস্কো বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা টাং চু ডু প্ৰতিযোগিতাত ৬০+ কেজিৰ শাখাত ভৱাৰ্ণব অশোক শইকীয়াই স্বৰ্ণ পদক লাভ কৰে।

ভৱাৰ্ণৱ শংকৰদেৱ শিক্ষা নিকেতন গহপুৰৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। পিতৃ – অশোক কুমাৰ শইকীয়া আৰু মাতৃ কল্পনা শইকীয়াৰ পুত্ৰ ভৱাৰ্ণৱ।

খেলুৱৈ গৰাকীয়ে গুৱাহাটীক প্ৰতিনিধিত্ব কৰিছিল। মাষ্টাৰ দেৱজিৎ গগৈ আৰু বৰ্ণালী গগৈৰ তত্বাৱধানত প্ৰশিক্ষণ গ্ৰহণ কৰি আছে তেওঁ।