অসম

বেকাজানত বীৰ লাচিত সেনাৰ শাখা সমিতি গঠন

Asomiya Pratidin

ডিজিটেল সংবাদ, তিতাবৰঃ বীৰ লাচিত সেনা অসমৰ তিতাবৰ সমষ্টি আঞ্চলিক সমিতিৰ উদ্যোগত সোমবাৰে বেকাজানত এখন পূৰ্ণাংগ শাখা সমিতি গঠন কৰা হয়। স্থানীয় যুৱক দিপাংকৰ দত্তই আঁত ধৰা এখন সভাত সভাপতিত্ব কৰে বীৰ লাচিত সেনা অসমৰ তিতাবৰ সমষ্টি আঞ্চলিক সমিতিৰ সভাপতি চানী ৰাজখোৱাই।

বীৰ লাচিত সেনা অসম তিতাবৰ নগৰ সমিতিৰ মুখ্য সচিব দেৱাশীষ ঠেঙালকে ধৰি অঞ্চলটোৰ ভালেকেইজন সচেতন ব্যক্তি উপস্থিত থকা সভাত দিপাংকৰ দত্তক সভাপতি, ৰুবুল গগৈক উপ সভাপতি আৰু বিপুল দাসক মুখ্য সচিব হিচাপে দায়িত্বভাৰ অৰ্পণ কৰি ১২ জনীয়া এখন শক্তিশালী শাখা সমিতি গঠন কৰা হয়। উক্ত সভাতেই বীৰ লাচিত সেনা অসম তিতাবৰ সমষ্টি আঞ্চলিক সমিতিৰ বাবে প্ৰাণজিৎ গগৈ আৰু অভিজিৎ দাসক কাৰ্যনিবাহক সদস্য হিচাপে নিৰ্বাচিত কৰা হয়।

নৱগঠিত সমিতিখনৰ সৱল নেতৃত্বত বেকাজান অঞ্চলত জনসাধাৰণে বহু দিনৰ পৰা সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰি যাব বুলি তিতাবৰৰ সমষ্টি আঞ্চলিক সমিতিৰ সভাপতি চানী ৰাজখোৱাই সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে।