অসম

এইবাৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ জালত চক্র পৰিদৰ্শক...

Asomiya Pratidin

ডিজিটেল ডেস্ক : ৰাজ্যত অব্যাহত আছে দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ অভিযান। উৎকোচ লোৱাৰ নামত সময়ে সময়ে বহু চৰকাৰী বিষয়া-কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰাৰ বাতৰি প্ৰকাশ পোৱাৰ সময়তে আজিৰ দিনটোত তিনিজনকৈ চৰকাৰী বিষয়া কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে অভিযানকাৰী দলে।

সোমবাৰে দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষৰ অভিযানত বাক্সাৰ শিমলাৰ চক্র পৰিদৰ্শকক গ্রেপ্তাৰ কৰা হৈছে। চক্র পৰিদৰ্শকগৰাকী গণেশ বৰ্মন। ৪০ হাজাৰ টকা উৎকোচ লৈ গ্রেপ্তাৰ হ'ল গণেশ বৰ্মন নামৰ চক্র পৰিদৰ্শকগৰাকী। খবৰ অনুসৰি অপৰাধ সংক্রান্তীয় এটা গোচৰৰ নামত লৈছিল এই ধন।

আনহাতে বিলায়ীপাৰাতো আজিৰ দিনটোত গ্ৰেপ্তাৰ হৈছে এগৰাকী উপ-পৰিদৰ্শক। গ্ৰেপ্তাৰ হোৱা বিষয়াগৰাকীৰ নাম দেৱান ৰাহিজ উদ্দিন। বিলায়ীপাৰা থানাৰ উপ-পৰিদৰ্শক আছিল দেৱান ৰাহিজ উদ্দিন। ৬ হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ হ'ল উপ-পৰিদৰ্শকগৰাকী। উপ-পৰিদৰ্শকগৰাকীৰ সৈতে গ্ৰেপ্তাৰ কৰা হৈছে আন এজন গৃহৰক্ষী বাহিনীৰ জোৱান।