অসম

ঋতুস্ৰাৱৰ সময়ত লবলগীয়া স্বচ্চতা, চেনিটেৰী নেপকিনৰ ব্যৱহাৰ সন্দৰ্ভত বটদ্ৰৱাত সজাগতা সভা

asomiyapratidin

বটদ্ৰৱাত ঋতুস্ৰাৱৰ সময়ত লবলগীয়া স্বচ্চতা, চেনিটেৰী নেপকিনৰ ব্যৱহাৰ সন্দৰ্ভত সজাগতা সভা…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ স্বেচ্ছা সেৱী সংগঠন প্ৰজন্মৰ উদ্যোগত নগাঁও জিলাৰ বটদ্ৰৱাৰ সমীপৱৰ্তী ৰাইডঙীয়া ফুলগুৰি গাঁৱত দেওবাৰে মহিলাৰ ঋতুস্ৰাৱৰ সময়ত লবলগীয়া স্বচ্চতা, চেনিটেৰী নেপকিনৰ ব্যৱহাৰ আৰু নেপকিন বিতৰণৰ এক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটিত অংশগ্ৰহন কৰি অসমৰ পেডমেন খ্যাত তথা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিটালৰ চিকিৎসক ডা০ কুমাৰ পিংকু প্ৰতীমে "মহিলাৰ মাহেকীয়াৰ সময়ত লবলগীয়া স্বচ্ছতাৰ বিষয়ে বিষদ ভাৱে আলোকপাত কৰাৰ লগতে মাহেকীয়াৰ সময়ত সামাজিক ব্যাধিৰ বাবে মহিলাসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ বিৰুদ্ধে অসমত এক বিপ্লৱৰ প্ৰয়োজন আছে" বুলি মত পোষণ কৰে।

প্ৰজন্মৰ সম্পাদক শিৱ প্ৰসাদ বৰাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আন এগৰাকী চিকিৎসক ডা০ ধনজিৎ হালৈ আৰু সাংবাদিক দিব্যজ্যোতি বৰুৱাই "মাহেকীয়া ব্যাধি নহয়" এই সন্দৰ্ভত উপস্থিত ৰাইজক সজাগতা সৃষ্টিৰ বাবে ভাষন প্ৰদান কৰে। প্ৰজন্ম ৰ সভাপতি শংকৰ জ্যোতি শৰ্মা, উপসভাপতি অবিস্মিতা বৰুৱা, সদস্য দীপজ্যোতি শইকীয়া, অনুপম ৰাজখোৱা, গৌতম কোচ, চয়নিকা ৰাজখোৱা, গাঁওবুঢ়া নিতুল কুমাৰ বৰদলৈ, শিক্ষক জয়ন্ত শইকীয়াৰ লগতে ৰাইডঙীয়া অঞ্চলৰ কেইবাগৰাকী কিশোৰী, যুৱতী, বোৱাৰীৰ উপস্থিতিত অনুষ্ঠিত অনুষ্ঠানটিৰ শেষত কবি ৰবিশংকৰ বৰদলৈৰ "ৰ'দ আৰু অনান্য কবিতা" শীৰ্ষক এখনি কবিতা পুথিও উন্মোচন কৰা হয়। উল্লেখ্য যে, কোভিড প্ৰটকল ৰক্ষা কৰি অনুষ্ঠিত অনুষ্ঠানটিত প্ৰজন্মৰ তৰফৰ পৰা উপস্থিত কিশোৰী, যুৱতী, বোৱাৰী সকলক চেনিটেৰী নেপকিন বিতৰন কৰা হয়।