অসম

গণ সংক্ৰমণৰ দিশে বটদ্ৰৱাৰ সৰুহিছা আৰু ভেটিয়নী গাঁও…

asomiyapratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ কোভিডৰ দ্বিতীয় ঢৌৱে সমগ্ৰ দেশতে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়ত অসমৰ চহৰ সমূহৰ লগতে গাঁও সমূহতো নিতৌ বৃদ্ধি পাইছে কোভিড আক্ৰান্ত সংখ্যা। সম্প্ৰতি নগাঁও জিলাৰ বটদ্ৰৱাৰ সৰুহিছা আৰু ভেটিয়নী গাঁৱত নিতৌ কভিড আক্ৰান্ত সংখ্যা বৃদ্ধি হৈ গণ সংক্ৰমণৰ দিশে গতি কৰিছে।

বিগত দিনত গাঁও খনৰ পাঁচটা পৰিয়ালৰ কেইবাগৰাকী ব্যক্তি কভিড আক্ৰান্ত হৈ চিকিৎসাধীন হোৱাৰ পাছত যোৱা কালি কিৰণ কলিতা নামৰ এগৰাকী লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ। আৰু আজি অভিষেক বৰা, ভূপেন্দ্ৰ বৰা, ময়ূৰী বৰা, চিম্পি বৰা নামৰ চাৰি গৰাকী লোকৰ দেহত কোভিড পজিটিভ ধৰা পৰে।

ইফালে বটদ্ৰৱাৰ ভেটিয়নী গাঁৱটো বিগত দিনসমূহত প্ৰায় পাঁচটা পৰিয়ালৰ ১২ গৰাকী লোক কোভিড আক্ৰান্ত হৈছে। তাৰেই এগৰাকী লোকৰ যোৱা ৮ মে'ত মৃত্যুও হৈছে। আৰু মঙলবাৰে বিপুল কোচ নামৰ এগৰাকী লোকৰ দেহত কভিড পজিটিভ ধৰা পৰিছে। যাৰ পৰিপেক্ষিতত সম্প্ৰতি চিন্তিত হৈ পৰিছে গাঁওবাসী।

স্থানীয় সচেতন ৰাইজে স্বাস্থ্য বিভাগক ঘৰে ঘৰে কোভিড পৰীক্ষা কৰিলে কেইবা শ লোকৰ দেহত কোভিড ধৰা পৰাৰ আশংকা আছে বুলি ব্যক্ত কৰিছে। ইফালে মঙলবাৰে বটদ্ৰৱা ক্ষুদ্র প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চলোৱা কোভিড টেষ্টত অঞ্চলটোৰ আৰু তিনিগৰাকী ব্যক্তিৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰে। মঙলবাৰে কভিড পজিটিভ ধৰা পৰা সকলৰ ভিতৰত ধনীয়াভেটি গাঁৱৰ ৰাইহানুল হক, আকতাৰ হুছেইন, মুকচিদুল হক বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিছে।