শেহতীয়া খবৰ
চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি  •  সান্ধ্য আইনত সান্ধ্য ভ্ৰমণ সুখৰ নহ’ল! গীতামন্দিৰলৈ হঠাৎ আহিল আৰক্ষী...  •  ডুমডুমাত চুৰি কৰিবলৈ গৈ গণপ্ৰহাৰত মৃত্যু যুৱকৰ...  •  বকোৰ মাৰুতী ফুডচ কোম্পানীৰ চাউল কেলেংকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ নিৰ্লিপ্তাত ক্ষোভ প্ৰকাশ সদৌ অসম ছাত্ৰ সন্থাৰ

তিতাবৰত জব্দ লক্ষাধিক টকা মূল্যৰ অবৈধ বিদেশী সুৰা…

ডিজিটেল সংবাদ, বেকাজানঃ কোৰোনা মহামাৰীৰ বাবে তিতাবৰত সান্ধ্য আইন বলৱৎ হৈ থকাৰ সময়তে তিতাবৰ তিনি আলিৰ এখন সুৰা বিপনীৰ পৰা বৃহৎ পৰিমাণৰ বিদেশী সুৰা আনি নিজৰ গৃহত বিক্ৰী কৰি থকা অৱস্থাত মঙলবাৰে তিতাবৰৰ আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীৰ পৰা জানিব পৰা মতে, তিতাবৰ দেওঘৰীয়া গ্ৰাণ্টৰ প্ৰফুল্ল বুঢ়াগোহাঁই নামৰ যুৱকজনে নিজ গৃহত বৃহৎ পৰিমাণৰ সুৰা মজুত কৰি সান্ধ্য আইনৰ সময়ত বিক্ৰী কৰি থকাৰ বিষয়ে জানিব পাৰে ।

লগে লগে তিতাবৰ আৰক্ষীয়ে অভিযান চলাই বিদেশী সুৰাৰ বটল সমূহ জব্দ কৰে। আৰক্ষীয়ে এহেজাৰৰ অধিক সুৰাৰ বটল জব্দ হয়। জানিব পৰা মতে মদৰ বটলসমূহ তিতাবৰ তিনি আলিৰ এখন ৱাইন চ’পৰ দোকানৰ ক্ৰয় কৰি আনিছিল। স্থানীয় ৰাইজে অভিযোগ কৰামতে প্ৰফুল্ল বুঢ়াগোহাঁই নামৰযুৱক গৰাকীয়ে দীৰ্ঘ দিন ধৰি নিশাৰ ভাগত গাড়ীয়ে গাড়ীয়ে মদ আনি মুকলিকৈ বিক্ৰী কৰি আহিছে ।

উল্লেখযোগ্য যে, যোৱা বৰ্ষৰ ল’কডাউনৰ সময়তো বিক্ৰী কৰি আহিছিল। পৰিতাপৰ কথা এয়ে যে, তিতাবৰৰ আবকাৰী বিভাগে এনে বৃহৎ অবৈধ সুৰাৰ ঘাটি চলি থকা কথা জনাৰ পাছতো কেবল কমিচনৰ কাৰণে যুৱক জনৰ ঘাটি উচ্ছেদ কৰা নাছিল।

আনহাতে, এখন সুৰা বিপনীৰ পৰা এনেদৰে এগৰাকী যুৱকে ইমান বৃহৎ সুৰা ক্ৰয় কৰা কাৰ্যই ৰহস্যৰ সৃষ্টি কৰাৰ লগতে তিতাবৰৰ আবকাৰী বিভাগৰ ফোঁপোলা স্বৰূপটোক উদঙাই দিছে। সম্প্ৰতি লকডাউন আৰু সান্ধ্য আইন বলৱৎ হৈ থকাৰ সময়ত এনেদৰে মুক্ত সুৰা বেহা চলি থকা কাৰ্যই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি