batadrava
batadrava 
অসম

চাবুকধৰাত পানী মেটেকাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ শিবিৰৰ সামৰণি...

Asomiya Pratidin

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ভাৰতীয় উদ্যমীতা সংস্থাৰ উদ্যোগত বটদ্ৰৱা সমষ্টিৰ চাবুকধৰাত এমাহ ধৰি অনুষ্ঠিত হৈছিল মেটেকাৰ পৰা প্ৰস্তুত কৰা সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ শিবিৰ। অঞ্চলটোত অৰ্ধশতাধিক উদ্যমী মহিলাই অংশ গ্ৰহণ কৰা কৰ্মশালাটি দেওবাৰে সামৰণি পৰে।

সামৰণি অনুষ্ঠানটিৰ আৰম্ভণি ভাষণ প্ৰদান কৰি ভাৰতীয় উদ্যমীতা সংস্থাৰ উত্তৰ পূৱৰ প্ৰকল্প বিষয়া প্ৰাঞ্জল ৰাজখোৱাই "পানী মেটেকাই বৰ্তমান বিশ্বমুখী যাত্ৰা আৰম্ভ কৰিছে। এই সময়ত চাবুকধৰাৰ মহিলাসকলে পানী মেটেকাৰে জীৱিকা নিৰ্বাহৰ উৎস বিচাৰি পাইছে। ই আনন্দৰ খৱৰ।" বুলি মন্তব্য প্ৰদান কৰে।

জীৱিকা সখী সোনমণি বৰদলৈ, প্ৰশিক্ষক প্ৰভাত চন্দ্ৰ দাস, শংকৰজ্যোতি শৰ্মাকে আদি কৰি অঞ্চলটোৰ কেইবাগৰাকী ব্যক্তি উপস্থিত থকা অনুষ্ঠানটিত প্ৰশিক্ষণ গ্ৰহণ কৰা মহিলাসকলক প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।