প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক 'কৰ্মযোগী-২০২৪' বঁটা প্ৰদান
প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক 'কৰ্মযোগী-২০২৪' বঁটা প্ৰদান 
বৰপেটা

প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক 'কৰ্মযোগী-২০২৪' বঁটা প্ৰদান

Asomiya Pratidin

ডিজিটেল ডেস্কঃ প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক আজি প্ৰদান কৰা হয় 'কৰ্মযোগী ২০২৪ বঁটা'। বজালীৰ ডুমুৰীয়াত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তেওঁক আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে গায়ন, বায়নৰ উপৰিও বাগোৰুম্বা নৃত্যৰে নিতুমণি শইকীয়াক মঞ্চলৈ আদৰি নিয়া হয়। বজালীৰ কৰ্মযোগী ধনেশ্বৰ তালুকদাৰ আৰু সব্যা তালুকদাৰ স্মৃতি ন্যাস সমিতিয়ে অনুষ্ঠিত কৰা এই বঁটা প্ৰদান অনুষ্ঠানত সভাপতিত্ব কৰে বিশিষ্ট সাহিত্যিক পেঞ্চনাৰ শিক্ষাবীদ মুনিন্দ্ৰ নাৰায়ণ গোস্বামীয়ে। অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস।

অনুষ্ঠানত শইকীয়াক গামোছা, চেলেং চাদৰ,জাপি,শৰাই, মানপত্ৰৰে এই সন্মান জনোৱা হয়। ইয়াৰোপৰি এই সন্মানৰ সৈতে আছে নগদ ধনো। বঁটা গ্ৰহণ কৰি মুখ্য সম্পাদক নিতুমণি শইকীয়াই কয়, যেতিয়া লৈকে শৰীৰত বগা কাপোৰেৰে ঢাকি দিয়া নহয় তেতিয়া লৈকে নিজৰ দায়িত্ব, কৰ্তব্য পালন কৰি যাব।

এই বঁটা প্ৰদান অনুষ্ঠানত বিশিষ্ট সাহিত্যিক মাধুৰ্য্য মন্দিত বৰুৱা, সত্ৰাধিকাৰ মথুৰা মোহন তালুকদাৰ,অসম চৰকাৰৰ পৰিবেশ আৰু বন বিভাগৰ ব্ৰেণ্ড এম্বেচাদৰ আনন্দ খাটনিয়াৰকে আদি কৰি মঞ্চত কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।