বৰপেটা

হিট এণ্ড ৰান বিৰুদ্ধে চালক সন্থাৰ তীব্ৰ প্ৰতিবাদ

Asomiya Pratidin

ডিজিটেল সংবাদ, সৰভোগঃ হিট এণ্ড ৰান বিৰুদ্ধে চালক সন্থাৰ তীব্ৰ প্ৰতিবাদ । কালা আইন উঠাই লওক , বিজেপি চৰকাৰ হাটাও ,ড্ৰাইভাৰ বাচাও শ্লোগানেৰে উত্তাল চালক সন্থাই । কেন্দ্ৰীয় চৰকাৰে দিয়া প্ৰতিশ্ৰুতি এতিয়াও সন্তুষ্ট নহয় চালক সন্থা। হিট এণ্ড ৰান আইন যেতিয়ালৈকে চৰকাৰে বাতিল নকৰে এই আন্দোলন ধাৰাসাৰে অসমৰ প্ৰান্তে প্ৰান্তে চলি থাকিব।

দেশৰ মটৰ শ্ৰমিকৰ ওপৰত বিজেপিয়ে জাপি দিয়া কালা আইনৰ বিৰুদ্ধে বৰপেটা ৰোড ট্ৰাক-শ্ৰমিক ইউনিয়ন সন্থাই সৰভোগৰ এফ.চি.আই গুডাউনৰ সম্মুখত চালকসকলে শ শ গাড়ী ৰখাই প্ৰতিবাদ সাব্যস্ত কৰে । বৰপেটা ৰোড ট্ৰাক ইউনিয়ন সন্থাৰ সম্পাদক মথুৰা দাস আৰু চালক সকলে ক্ষোভ উজাৰে । আগন্তুক লোকসভা নিৰ্বাচনত ভোট বৰ্জন কৰা সিদ্ধান্ত চালকসকলৰ ।প্ৰশাসন তথা গৃহ বিভাগৰ দায়িত্বত থকা চালকসকলক সহযোগীতা কৰিবলৈ আহ্বান ।সাত লাখ টকা জৰিমনা আৰু দহ বছৰ কাৰাদণ্ড এই আইন কেতিয়াও প্ৰযোজ্য হবলৈ নিদিয়ে চালক সন্থাই।