বৰপেটা

সৰভোগৰ ৰাজপথত কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপুৰ্তি অনুষ্ঠান

Asomiya Pratidin

ডিজিটেল সংবাদ,সৰভোগ : বৰপেটা জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত বৃহস্পতিবাৰে সৰভোগৰ ৰাজপথত কংগ্ৰেছে এক শোভাযাত্ৰা আয়োজন কৰি ভাৰত জোড়ো যাত্ৰাৰ বৰ্ষপুৰ্তি পালন কৰে । শোভাযাত্ৰাৰ অন্তত সৰভোগ গান্ধী ভৱন প্ৰাংগনত এক সভা অনুষ্ঠিত কৰে।

এই সভাত উপস্থিত থাকে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাস , প্ৰদেশ কংগ্ৰেছৰ সম্পাদক নাচিৰ খান ,বৰপেটা জিলা কংগ্ৰেছৰ সভাপতি ৰাজীৱ হক আৰু জিলা পৰ্যায়ৰ নেতৃবৃন্দসকল। লগতে এই সভাত যোগদান কৰে সৰভোগ সমষ্টিৰ বিধায়ক মনোৰঞ্জনৰ তালুকদাৰে ।

উক্ত অনুষ্ঠানত বিধায়িকা নন্দিতা দাসে কয় যে এই চৰকাৰ মিচলীয়াৰ চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এজন মিচলীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এজন মিচলীয়া।