''প্ৰকৃতি পুৰুষ দুয়োৰো নিয়ন্তা মাধৱ হে..." গলগলীয়া কণ্ঠৰে গাবলৈ এইবাৰ তেওঁ নাই...
''প্ৰকৃতি পুৰুষ দুয়োৰো নিয়ন্তা মাধৱ হে..." গলগলীয়া কণ্ঠৰে গাবলৈ এইবাৰ তেওঁ নাই... 
বৰপেটা

''প্ৰকৃতি পুৰুষ দুয়োৰো নিয়ন্তা মাধৱ হে..." গলগলীয়া কণ্ঠৰে গাবলৈ এইবাৰ তেওঁ নাই...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ আবিৰৰ ৰঙেৰে ৰঙীন দেহাৰে যেতিয়া তেওঁ গলগলিয়া কণ্ঠৰে মাধৱদেৱৰ হলীগীত ''প্ৰকৃতি পুৰুষ দুয়োৰো নিয়ন্তা মাধৱ হে..." গাই তেতিয়াহে যেন পূৰ্ণতা লাভ কৰে বৰপেটা সত্ৰৰ দৌল উৎসৱে। কিন্তু এইবাৰ তেওঁ নাই। তেওঁৰ অবিহনে বৰপেটা সত্ৰত আৰম্ভ হৈছে দৌল উৎসৱৰ কাৰ্যসূচী।

পণ্ডিত প্ৰবৰ, বিশিষ্ট বৈষ্ণৱ পণ্ডিত, বৰপেটা সত্ৰৰ সদ্য প্ৰয়াত বুঢ়া সত্ৰিয়া বশিষ্ঠ দেৱ শৰ্মা অবিহনে এইবাৰ প্ৰথমটো দৌল উৎসৱ পালন কৰিব বৰপেটা সত্ৰখনে। দৌল উৎসৱৰ কাৰ্যসূচী আৰম্ভ হোৱাৰ লগে লগে প্ৰতিটো মুহূৰ্ততে প্ৰয়াত সত্ৰাধিকাৰগৰাকীৰ অনুপস্থিতি অনুভৱ কৰিছে প্ৰতিজন ভক্তই।

তেওঁৰ কণ্ঠৰে নিগৰি অহা হলীগীতসমূহ এইবাৰ গুঞ্জৰিত নহ'ব সত্ৰৰ চৌদিশে।আজিৰে পৰা ৪ দিনীয়া কাৰ্যসূচীৰে বৰপেটা সত্ৰত আৰম্ভ হৈছে দৌল উৎসৱ। দৌল উৎসৱক কেন্দ্ৰ কৰি সাজু হৈছে জিলাখনৰ প্ৰশসনো।

কিয়নো এই উৎসৱত অংশ ল'বলৈ জিলাখনৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ লোকৰ আগমণ ঘটে। ইফালে দৌল মহোৎসৱৰ সুঁৱেৰী উপলক্ষে জিলা উপায়ুক্তই অহা ৯ মাৰ্চত জিলাখনত স্থানীয় বন্ধ ঘোষণা কৰিছে।

জিলাখনত উক্ত দিনা সকলোধৰণৰ চৰকাৰী কাৰ্যালয় , বিত্তীয় প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদি বন্ধ থাকিব। অৱশ্যে পৰীক্ষা আৰু জৰুৰীকালিন সেৱা অব্যাহত থাকিব।

আনহাতে দৌল উৎসৱক কেন্দ্ৰ কৰি এইবাৰ প্ৰশাসনে ব্যাপক তৎপৰতাৰে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। সত্ৰৰ চৌহদত স্থাপন কৰা হৈছে ৪০ টা চিচিটিভি কেমেৰা।

ছায়াৰাম খেলপথাৰ, পৌৰসভাৰ খেলপথাৰ আৰু ৰাখাল থান পথাৰত ভক্তগণৰ সুবিধা হোৱাকৈ পাৰ্কিংৰ ব্যৱস্থা কৰা হৈছে। সত্ৰৰ বাছ আস্থানত অভ্যাগত তথা ৰাজ্যৰ বিশিষ্ট লোকসকলৰ পাৰ্কিংৰ বাবে সংৰক্ষণ কৰা হৈছে।

কীৰ্তনঘৰলৈ যোৱা ৮ টা পথত এই সময়ছোৱাত যান-বাহনৰ চলাচল নিষিদ্ধ কৰা হৈছে। লাখ লাখ ভক্তৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ সত্ৰৰ চৌপাশে থাকিব অসম আৰক্ষী আৰু চি আৰ পি এফৰ জোৱান।

কোনো লোকে যাতে সুৰা সেৱন কৰি অপ্ৰীতিকৰ পৰিস্থিতিৰ সূচনা কৰিব নোৱাৰে তাৰোপৰত কঠোৰ দৃষ্টি ৰাখিব প্ৰশাসনে।