অসমীয়া প্ৰতিদিনৰ বাতৰিৰ পাছতে তিনি অৱতাৰ ধাৰণ কৰা দুৰ্নীতি পৰায়ণ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে তদন্ত আৰম্ভ...
অসমীয়া প্ৰতিদিনৰ বাতৰিৰ পাছতে তিনি অৱতাৰ ধাৰণ কৰা দুৰ্নীতি পৰায়ণ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে তদন্ত আৰম্ভ... 
বৰপেটা

অসমীয়া প্ৰতিদিনৰ বাতৰিৰ পাছতে তিনি অৱতাৰ ধাৰণ কৰা দুৰ্নীতি পৰায়ণ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে তদন্ত আৰম্ভ...

Asomiya Pratidin

ডিজিটেল সংবাদ বজালীঃ অৱশেষত গা লৰিল পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ। তিনি অৱতাৰ ধাৰণ কৰা বজালীৰ নিত্যানন্দ পাণবাৰী পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে দিলে তদন্তৰ নিৰ্দেশ।

উল্লেখ্য যে, অসমীয়া প্ৰতিদিন ডিজিটেলত বজালীৰ নিত্যানন্দ পাণবাৰী পঞ্চায়তৰ সভাপতি পৰাগ তাকুলকদাৰে কিদৰে অনিয়ম আৰু দুৰ্নীতিৰ বজাৰ মেলিছিল তাৰ ধাৰাবাহিক বাতৰি প্ৰকাশ পাইছিল। তাৰ পাছতেই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগক আয়ুক্তই বজালী জিলা আয়ুক্তক এই সন্দৰ্ভত তদন্তৰ নিৰ্দেশ প্ৰদান কৰিছে।

উল্লেখ্য যে, পৰাগ তালুকদাৰ নিজেই পঞ্চায়তৰ সভাপতি হোৱাৰ উপৰিও চৰকাৰী আঁচনিৰ ঠিকা নিজেই কৰি নিজেই ভেণ্ডৰ হিচাপে উলিয়াই নিছিল আঁচনিৰ ধন। পঞ্চায়ত চৌহদৰ দেৱাল নিৰ্মাণ বাবে অহা ধন তেওঁ অনিয়মৰে উদৰস্থ কৰাৰ বাবে কিদৰে নিম্ন পৰ্যায়ৰ কাম কৰিছিল সেই বিষয়েও প্ৰচাৰ হৈছিল।

পুৰণি দেৱালকে ভাঙি তাৰ ওপৰত ইটা গাঁঠি চৰকাৰী ধন নিজৰ পকেটত ভৰোৱাৰ চেষ্টা চলাইছিল এই অসাধু পঞ্চায়ত সভাপতিয়ে। এই সন্দৰ্ভত জিলা উপায়ুক্তক তদন্তৰ নিৰ্দেশ দিয়াৰ পাছতে জিলা পৰিষদৰ কাৰ্যবাহী অভিযন্তা গুণীন দাস আৰু বজালী জিলা পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া প্ৰদীপ কলিতা পঞ্চায়ত চৌহদত উপস্থিত হৈ সমগ্ৰ বিষয়টোৰ তদন্ত চলাইছে।