নিজে খোল-তাল বজাই প্ৰশিক্ষণৰ শুভাৰম্ভ পদ্ম হাজৰিকাৰ
নিজে খোল-তাল বজাই প্ৰশিক্ষণৰ শুভাৰম্ভ পদ্ম হাজৰিকাৰ  
অসম

জামুগুৰিহাট বাৰেচহৰীয়া ভাঁওনা মহোৎসৱৰ ব্যাপক প্ৰস্তুতি

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাঁওনা মহোৎসৱলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ভাৰতবৰ্ষৰ একক সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান বাৰেচহৰীয়া ভাঁওনাত এইবেলি নতুনকৈ সংযোজন ঘটিব যুৱ প্ৰজন্মৰ দ্বাৰা গায়ন বায়নৰ প্ৰদৰ্শন ৷

সৰ্বমুঠ ২১ খন খলাত একেলগে প্ৰায় ৩শতাধিক যুৱ প্ৰজন্মই প্ৰদৰ্শন কৰিব লগা এই গায়ন বায়নৰ প্ৰশিক্ষণৰ শুকুৰবাৰে শুভ উদ্বোধন কৰে উদযাপন সমিতিৰ সভাপতি তথা চতিয়া সমষ্টিৰ বিধায়ক ভৰলী কোঁৱৰ পদ্ম হাজৰিকাই

হাতত খোল আৰু তাল লৈ দুয়োটি বাদ্য নিজে বজাই শুক্ৰবাৰে বিয়লি শুভাৰম্ভ কৰিলে জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাঁওনাৰ বৃহৎ খোল প্ৰশিক্ষণৰ কাৰ্যসুচীৰ ৷ ভাৰতৰ একক সৰ্ববৃহৎ সাংস্কৃতিক অনুষ্ঠান বাৰেচহৰীয়া ভাঁওনা মহোৎসৱৰ এইয়া আনুষ্ঠানিক শুভাৰম্ভনী বুলি সমিতিয়ে জানিবলৈ দিয়ে ৷

অঞ্চলটোৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ৩শতাধিক যুৱ প্ৰজন্মই অংশগ্ৰহণ কৰা এই গায়ন বায়নৰ প্ৰশিক্ষণত ব্যৱহৃত খোল তালৰ শব্দই মুখৰ কৰি তুলিছে জামুগুৰিহাটৰ পাঞ্চজন্য বৰ নামঘৰৰ চৌপাশ ৷ এমাহ ধৰি চলিব লগা এই প্ৰশিক্ষণত যুৱ প্ৰজন্মই সঠিক আৰু শুদ্ধ ৰূপত শংকৰী কলা কৃষ্টিৰ এই গায়ন বায়ন প্ৰদৰ্শন কৰিব আহিব লগা বাৰেচহৰীয়া ভাঁওনা মহোৎসৱত৷ইতিমধ্যে এই গায়ন বায়নৰ প্ৰশিক্ষণত বাজি উঠা খোল তালৰ শব্দৰ পিছতেই আনুষ্ঠানিকভাৱে বাৰেচহৰীয়া ভাঁওনা মহোৎসৱলৈ ককালত টঙালী বান্ধে জামুগুৰীয়া ৰাইজে ৷