অসম

বীৰ লাচিত সেনাক নিষিদ্ধ কৰাৰ দাবী বঙালী সংগঠনৰ

Asomiya Pratidin

ডিজিটেল সংবাদ, চিলাপথাৰঃ দূৰ্গা পূজা মণ্ডপত বাংলা ভাষাৰ বেনাৰ ছাইনবোৰ্ড আতৰোৱা কাৰ্যত চিলাপথাৰত জাঙুৰ খাই উঠিছে বঙালী সংগঠন। দূৰ্গা পূজাত 'বাংলা' ভাষাৰ বেনাৰ ছাইনবোৰ্ড লাচিত সেনাই আঁতৰোৱাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া।

ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে বৰাক ভেলীৰ পাছত উত্তৰ অসমতো লাচিত সেনাৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠিছে বঙালী সংগঠন। কেইবাটাও বাঙালী সংগঠন একত্ৰিত হৈ জাঙোৰ খাই উঠিছে লাচিত সেনাৰ বিৰুদ্ধে। চিলাপথাৰৰ মাজৰবাৰীত বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন, বাঙালী জাতীয় পৰিষদকে ধৰি কেইবাটাও বাঙালী সংগঠনে দূৰ্গা পূজা মণ্ডপৰ পৰা বাংলা ভাষাৰ বেনাৰ ছাইনবোৰ্ড আতৰোৱা কাৰ্যক গৰজি একেমুখে তীব্ৰ গৰিহণাৰ লগতে ধিক্কাৰ জনায়।

"বাংলা ভাষাৰ ওপৰত কৰা অপমান কোনো পধ্যেই সহ্য কৰা নহ'ব। আমি অসমতে জন্ম হৈছে অসমীয়া মাধ্যমৰ স্কুল কলেজত পঢ়ি আছো। আমিও অসমৰ 'খিলঞ্জীয়া অসমীয়া বাঙালী হওঁ। বৰাকত অসমীয়া ভাষাৰ বেনাৰত কলা চিয়াহী লগোৱাত বিডিএফ নেতা প্ৰদীপ দত্ত ৰয়ক জেললৈ প্ৰেৰণ কৰিছিল বিজেপি চৰকাৰে কিন্তু হিন্দুত্বৰ শ্লোগান দিয়া চৰকাৰখনে হিন্দু সনাতন ধৰ্মৰ দূৰ্গা পূজা মণ্ডপত লগোৱা বাংলা ভাষাৰ বেনাৰ ছাইনবোৰ্ড আতৰোৱা সাম্প্ৰদায়িক বিভাজনমুখী লাচিত সেনাৰ বিৰুদ্ধে কিয় এতিয়াও ব্যৱস্থা গ্ৰহন কৰা নাই" বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰে বঙালী সংগঠনৰ নেতাসকলে।

বীৰ-বীৰাংগনাৰ নামত সংগঠন খুলি অসমত বাৰে বাৰে অসমীয়া-বাঙালীৰ মাজত থকা সাতামপুৰুষীয়া ভ্ৰাতৃত্ববোধ বিনষ্টৰে সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই থকা এই উগ্ৰ লাচিত সেনাক শীঘ্ৰেই অসমত নিষিদ্ধ কৰিবলৈও বাঙালী সংগঠনে দাবী তোলে।