pothali pahar
pothali pahar 
অসম

পথালি পাহাৰৰ ৰে'লপথৰ কাষত উদ্ধাৰ মৃতদেহ...

Asomiya Pratidin

ডিজিটেল সংবাদ, বান্দৰদেৱা : লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ পথালি পাহাৰৰ ৰে'ল পথৰ কাষতে উদ্ধাৰ হয় এটা মৃতদেহ। পথালি পাহাৰৰ গণেশ ভূজেল নামৰ প্ৰায় ৩০ বছৰীয়া লোকজনৰ মৃতদেহ ৰে'লপথৰ কাষতে পৰি থকা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰাত বান্দৰদেৱা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। যুৱকজনক ৰে'লে খুন্দিয়াই থৈ যোৱাৰ সন্দেহ কৰিছে ৰাইজে। কিন্তু আৰক্ষীৰ তদন্তৰ পাছতহে পোহৰলৈ আহিব প্ৰকৃত ঘটনা।