অসম

বন্দনা আৰু নাই…

asomiyapratidin

ডিজিটেল ডেস্কঃ বন্দনা আৰু নাই। সময়ৰ সোঁতত মিলি গ'ল বন্দনা। কেৱল স্মৃতি হৈ ৰৈ গ'ল এটা নাম। এসময়ত আছিল সুদিন। 'বন্দনা'ৰ নাম আছিল মানুহৰ মুখে মুখে। সুদিনৰ মধুৰ স্মৃতিয়ে আজি বহুতকে আমনি কৰিব। হাতোৰীৰ কোবত খহি পৰা বন্দনাৰ ঠাইত নিৰ্মাণ হ'ব নতুন অট্টালিকা। কোৰোনা ভাইৰাছ আৰু অসমীয়া চলচিত্ৰলৈ অহা প্ৰত্যাহ্বানে এই মহানগৰীৰ পৰিচিত চিনেমা হলটোৰ ঠিকনা মাটিত মিহলাই পেলালে।

চেগা-চেৰেগাকৈ কোভিডৰ সংক্ৰমণৰ আগে আগে এই হলত চলিছিল কেইবাখনো চিনেমা। বিশেষকৈ জুবিন গাৰ্গৰ 'কাঞ্চনজংঘা', যতীন বৰাৰ 'ৰত্নাকৰ' প্ৰদৰ্শিত হৈছিল এই ছবি ঘৰটোত। সেই সময়ত ভবা হৈছিল আকৌ ঘূৰি আহিব অসমীয়া ছবিজগতৰ ভাল দিন। বহু দিনৰ বিৰতিৰ পাছত বন্দনাত চলিছিল টিকটৰ বাবে হেতাওপৰা।

ব্লেকাৰে হাতত টিকট লৈ চিঞৰিছিল- টিকট লাগিব টিকট? তাৰ কেইমাহ মানৰ পাছতে আহিল কোভিড। দীৰ্ঘদিন ধৰি বন্ধ হৈ থকা ছবিগৃহটো আৰু চলাব নোৱাৰো বুলি হাত দাঙি দিলে স্বত্তাধিকাৰীয়ে। চৌপাশত গজি উঠিছিল বন। তেতিয়াই উমান পোৱা গৈছিল কি হ'ব পাৰে এই ছবিগৃহটোৰ ভৱিষ্যৎ।

ৰাজ্যত এনেদৰে কেইবাটাও জনপ্ৰিয় ছবিগৃহ বন্ধ হৈ গৈছে। উদ্দেষ্ণা ছবিগৃহ কেতিয়াবাই বন্ধ কৰি দিছে কৰ্তৃপক্ষই। সুদিন ঘূৰি নাহিল। অসমীয়া ছবিৰ ভাল দিন ঘূৰি আহিলেও এতিয়াৰ পৰা আৰু নাথাকে এই ছবিগৃহটো। অসময়ত বহু জনপ্ৰিয় অসমীয়া ছবি প্ৰদৰ্শন কৰা হৈছিল বন্দনাত। বাতৰি কাকত হাতত লৈ বহুতে দ্বিতীয় পৃষ্ঠাত 'ছবিগৃহলৈ যায় যদি' শিতানত চাইছিল- কোনটো চিনেমা গৃহত কি চিনেমা প্ৰদৰ্শিত হৈছে।

আৰ্থিকভাৱে জুৰুলা হৈ পৰা বন্দনা ছবিগৃহৰ ঠাইত হ'ব নতুন ভৱন। সেই স্থানত নিৰ্মাণ হ'ব শ্বপিং মল। চিনেমাই আৰু নোখোৱায়। শেষ মুহূৰ্তলৈকে ছবিগৃহটোৰ সৈতে জড়িত হৈ থকা লোকসকল আৱেগিক হৈ পৰিল। চলচিত্ৰ প্ৰেমীৰ বাবে এতিয়া বন্দনা কেৱল অতীত। ৰাজ্যৰ আন ছবিগৃহৰ অৱস্থাও একেই।

প্ৰায় দুবছৰ ধৰি কোৰোনাৰ বাবে বন্ধ হৈ আছে ছবি প্ৰদৰ্শন। এনে প্ৰত্যাহ্বানৰ সৈতে যুঁজি আৰু কিমান দিনলৈ সেই ছবিগৃহবোৰ থিয় হৈ থাকিব সেয়া সময়ে ক'ব। বন্দনা বন্ধ হোৱাৰ লগে লগেই অসমীয়া ছবিজগতৰ বহু স্মৃতিও অতীত হৈ ৰ'ল। এতিয়া কেৱল বন্দনা ৰোমন্থনৰ নষ্টাল'জীয়া হৈ জীয়াই থাকিব এসময়ত এই ছবিগৃহত চিনেমা চোৱা এই লোকসকলৰ মনত।