অসম

বাক্সাৰ চৰাইমাৰী শিৱ পূজা মহামেলাৰ বিশাল আয়োজন

Asomiya Pratidin

ডিজিটেল সংবাদ, বাক্সা : বাক্সা জিলাৰ সদৰ মুছলপুৰৰ ওচৰত থকা চৰাইমাৰীত শনিবাৰৰ পৰা ২৪ ফেব্ৰুৱাৰীলৈ ৭ দিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আয়োজন কৰিছে শ্ৰীশ্ৰী শিৱ পূজা মহামেলা। ৭৭ টা ফাগুন গৰকা চৰাইমাৰী আঞ্চলিক শ্রীশ্ৰী শিৱ পূজাই ইতিহাস ৰচনা কৰি দীঘলীয়া সময় অতিক্ৰম কৰিছে।

সেয়ে অইন বছৰৰ দৰে এইবছৰো প্ৰভুৰ চৰণত এটি বিল্বপত্ৰ অৰ্পণ কৰাৰ উদ্দেশ্যে পূৰ্বে গঠিত পৰিচালনা সমিতিয়ে সমূহ ৰাইজৰ সহযোগত পূৰ্ণদ্যমে চলাইছে প্ৰস্তুতি।পূজা পৰিচালনা সমিতিয়ে জানিব দিয়া অনুসৰি ১৮ ফেব্ৰুৱাৰীৰ দিনা পুৱা ৮ বজাত অসম বিধানসভা সচিবালয়ৰ অধীক্ষক তৰুণ দাসে মুখ্যদ্বাৰ উদঘাটন কৰি ৭ দিনীয়া কাৰ্যক্ৰমণিকাৰ আৰম্ভণি কৰিব।

তাৰ পিছতে থাকিব ধৰ্ম ধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, গছপুলি ৰোপণ ইত্যাদিকে ধৰি বিবিধ কাৰ্যসূচী। আনহাতে ১৯ ফেব্ৰুৱাৰীত সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ কাঠমাণ্ডুৰ বিশিষ্ট শিল্পী অজয় ছেত্ৰীৰ অনুষ্ঠান, ২১ ফেব্ৰুৱাৰীত ভাৰ্গৱ কৌশিক আৰু অৰ্পনা ৰাণীৰ অনুষ্ঠান, ২২ ফেব্ৰুৱাৰীত নাগাৰা নামৰ শিল্পী মহেশ ডেকাৰ হৰিনাম, ২৩ ফেব্ৰুৱাৰীত সুভাষ নাথৰ হৰিনাম আৰু ২৪ ফেব্ৰুৱাৰীৰ অন্তিম দিনা কলিকতাৰ শিল্পী মৰমিতা মিত্ৰৰ অনুষ্ঠান থাকিব বুলি জনায়।

ইয়াৰোপৰি প্ৰতিদিনে বিভিন্ন বাৰেৰহণীয়া অনুষ্ঠানেৰে জীপাল হ'ব ৭৭ তম্ চৰাইমাৰী আঞ্চলিক শ্রীশ্ৰী শিৱপূজা মহামেলাৰ প্ৰতিটো দিন, প্ৰতিটো ৰাতি। য'ত স্থানীয় শিল্পী সকলক প্ৰাধান্য দিয়া হ'ব বুলি শিৱপূজা মহামেলা পৰিচালনা সমিতিৰ সম্পাদক তথা নাট্যকাৰ পংকজ চৌধুৰীয়ে জানিব দিয়ে।