বৈশাগু
বৈশাগু  
অসম

জামুগুৰিহাটত বড়ো জনগোষ্ঠীৰ বৈশাগু উৎসৱ পালন...

Asomiya Pratidin

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ এতিয়া ব’হাগৰ বতৰ৷ ব’হাগে সকলোৰে বাবে লৈ আনে উৎসৱৰ বতৰা ৷ সকলোৱে ব্যস্ত হৈ পৰিছে উৎসৱৰ আনন্দ ফুৰ্তিত ভাগ লোৱাত ৷

বসন্ত ঋতু আগমনৰ লগে লগেই অসমৰ ভূমিপুত্ৰ বড়ো জনগোষ্ঠীয় ৰাইজেও ব্যাপক উচ্ছাস উদ্দীপনাৰে উদযাপন কৰিছে বৈশাগু উৎসৱ ৷ ব্যতিক্ৰম নহয় জামুগুৰিহাটৰ নবিল বড়ো গাঁৱৰ ৰাইজো ৷

নদুৱাৰ আঞ্চলিক বড়ো ৰাইজৰ উদ্যোগত আৰু নবিল বড়ো জনগোষ্ঠীয় ৰাইজৰ সহযোগত অঞ্চলটোৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ জাতীয় উৎসৱ উদযাপন কৰে ৷ এই উৎসৱত নবিল বড়ো গাওঁৰ শিশু, কিশোৰ, কিশোৰী, যুৱক-যুৱতীকে ধৰি সকলো ৰাইজে অংশ গ্ৰহণ কৰি বাগুৰুম্বা নৃত্য প্ৰদৰ্শন কৰা দেখা গৈছে ৷