baihata
baihata 
অসম

বাইহাটা চাৰিআলিৰ কৰৰাত দ্ৰাগছসহ আটক পতি-পত্নী...

Asomiya Pratidin

ডিজিটেল সংবাদ, দুমুনিচকী :- বাইহাটা চাৰিআলি আৰক্ষীয়ে‌ কৰৰা গাঁৱৰ পৰা দ্ৰাগছসহ আটক কৰে পতি-পত্নীক। আটক কৰা দুই পতি-পত্নী ক্ৰমে মুজাফৰ আহমেদ ওৰফে মান্তি আৰু ৰীমা বেগম ওৰফে মাইনাক দেওবাৰে জে'ল হাজোতলৈ প্ৰেৰণ কৰা হয়।

বাইহাটা চাৰিআলি আৰক্ষীয়ে আজি দুয়োজনক ৰঙিয়া আদালতত উপস্থিত কৰোৱাৰ পিছত দুয়ো পতি-পত্নীক আদালতে জে'ল হাজোতলৈ প্ৰেৰণ কৰে। উল্লেখ্য যে বাইহাটা চাৰিআলি থানাৰ আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত শনিবাৰে বিয়লি থানাখনৰ অন্তৰ্গত কৰৰা গাঁৱৰ মুজাফৰ আহমেদৰ ঘৰৰ পৰা কেইবাটাও দ্ৰাগছ ভৰ্তি কন্টেইনাৰ আৰু নিচাযুক্ত কফ চিৰাপৰ বটল জব্দ কৰে। ফলত অসম আৰক্ষী বিভাগত কৰ্মৰত মুজাফৰ আহমেদ ওৰফে মান্তি আৰু পত্নী ৰীমা বেগম ওৰফে মাইনাক কৰৰাৰ নিজ বাসগৃহৰ পৰা আটক কৰে।

আনহাতে যোৱা ১০ আগষ্ট তাৰিখৰ পৰা পলায়ন কৰি থকা একেখন থানাৰ অন্তৰ্গত আলিপুৱ গাঁও নিবাসী আতোৱাৰ ৰহমান নামৰ এজন গড়কাপ্তানী বিভাগৰ কৰ্মচাৰীকো আটক কৰি জে'ল হাজোতলৈ প্ৰেৰণ কৰা হয়। উল্লেখ্য যে যোৱা ১০ আগষ্ট তাৰিখে সন্ধিয়া আতোৱাৰ ৰহমান নামৰ লোকজনৰ বাসগৃহৰ পৰা বাইহাটা চাৰিআলি আৰক্ষীয়ে প্ৰায় ৬০ বস্তা চৰকাৰী চাউল জব্দ কৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ২১৮/২২ নং নম্বৰ এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখে। কিন্তু আতোৱাৰ ৰহমান নামৰ লোকজনে কৌশলেৰে দীৰ্ঘদিন ধৰি পলায়ন কৰি  থাকিবলৈ সক্ষম হয় যদিও অৱশেষত বাইহাটা চাৰিআলি আৰক্ষীয়ে আটক কৰি শনিবাৰে জে'ল হাজোতলৈ প্ৰেৰণ কৰে।