মাদকদ্ৰব্য বিৰোধী সজাগতামূলক সভা
মাদকদ্ৰব্য বিৰোধী সজাগতামূলক সভা 
অসম

চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত মাদকদ্ৰব্য বিৰোধী সজাগতামূলক সভা...

Asomiya Pratidin

ডিজিটেল সংবাদ, চিৰাংঃ ক্ৰমাৎ সকলোতে বৃদ্ধি পাব ধৰিছে মাদ্ৰক সেৱনৰ প্ৰৱনতা । এই লৈ মঙলবাৰে ৰাষ্ট্ৰীয় মাদকদ্ৰব্য সমন্বয় পৰ্টেলৰ অধীনত চিৰাং জিলা প্ৰশাসনৰ উদ্যোগত বাসুগাঁও মহাবিদ্যালয়ত এখন নিষিদ্ধ ড্ৰাগছ তথা মাদকদ্ৰব্যৰ বিৰুদ্ধে এক সজাগতামূলক সভা অনুষ্ঠিত হয় ।

এই সভাত মহাবিদ্যালয়ৰ কেইবা শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত অনুষ্ঠিত সজাগতামূলক সভাৰ সভাপতিত্ব কৰে জিলা উপায়ুক্ত পি, বিজয় ভাস্কৰ ৰেড্ডী ।

অতিৰিক্ত উপায়ুক্ত ৰিংখাং মুছাহাৰীৰ সঞ্চালনাত যুৱ সমাজক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নিষিদ্ধ ড্ৰাগছ তথা মাদকদ্ৰব্যৰ বহুল প্ৰচলন আৰু ইয়াৰ ভয়ংকৰ পৰিণামৰ ওপৰত ভাষণ প্ৰদান কৰে ।

মনোবিজ্ঞানী ডঃ ক্ষিতিশ চাহু, ডাঃ ৰাজু দাস, নিষিদ্ধ ড্ৰাগছৰ ব্যৱহাৰ আৰু সৰবৰাহৰ কৰাৰ অপৰাধত দেশৰ প্ৰচলিত আইন ব্যৱস্থাই কি ধৰণে কাম কৰে বিশদ বিৱৰণ দাঙি ধৰে । উক্ত সভাত উপস্থিত থাকে জিলাৰ আৰক্ষী অধীক্ষক প্ৰাণজিৎ বৰাই, জিলা আইন প্ৰাধিকৰণৰ সদস্য সচিব ছাইদা ছাবিনা আফজল জিন্নাত ।

নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী চক্ৰৰ কৱলত পৰি কিদৰে এজন নিৰীহ যুৱকৰ জীৱন ধ্বংসমুখী হয় তাৰ ভয়াৱহতাৰ জীয়া ছৱি ভাষণত দাঙি ধৰে দিশা এনজিও ৰ সভাপতি তথা সংবাদকৰ্মী জয়ন্ত দেবনাথে ।

বাসুগাঁও মহাবিদ্যালয়খনক ড্ৰাগছ মুক্ত ৰাখিবলৈ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ অধীনত এটা "এন্টি ড্ৰাগছ স্কোৱাৰ্ড" গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায় সাংবাদিক গৰাকীয়ে ।

সজাগতামূলক সভা

মহাবিদ্যালয়ৰ অধ্যক্ষ ৰণেন্দ্ৰ মুছাহাৰীয়েও নিষিদ্ধ ড্ৰাগছৰ সেৱন আৰু ইয়াৰ কু-প্ৰভাৱ সন্দৰ্ভত নিজৰ ভাষণত বক্তব্য দাঙি ধৰে ।

উপায়ুক্ত পি, বিজয়, ভাস্কৰ ৰেড্ডীয়ে তেখেতৰ ভাষণত কয় যে চিৰাং জিলাক এখন ড্ৰাগছ মুক্ত জিলা হিচাপে গঢ় দিবলৈ যি অভিযান আৰম্ভ কৰা হৈছে সেই অভিযান সফল কৰিবলৈ যুৱ প্ৰজন্মক আগুৱাই আহিবলৈ আহ্বান জনায় ।

অসম চৰকাৰৰ পৰা "ড্ৰাগছ ফ্ৰি অসম" নামৰ এখন বিশেষ মোবাইল এপ্লিকেচনৰ কথা উল্লেখ কৰে, যি এপ্লিকেচন গুগল প্লে ষ্টোৰৰ পৰা সহজতে ডাউনলোড কৰি নিজকে এজন ড্ৰাগছ বিৰোধী অভিযানৰ সৈনিক হিচাপে কাম কৰিব পাৰিব বুলি উল্লেখ কৰে ।

তদুপৰি নিদিষ্ট কিছু ঔষধ আছে যিবোৰ একাংশ যুৱচামে চিকিৎসকৰ অনুমতি অবিহনেই ফাৰ্মাচীৰ ক্ৰয় কৰি নিচাযুক্ত দ্ৰব্য হিচাপে ব্যৱহাৰ কৰে । টকাৰ লোভত একাংশ ফাৰ্মাচীৰ গৰাকীয়ে নীতিবিৰুদ্ধভাৱে সেই ঔষধসমূহ বিক্ৰী কৰে ।

এনেধৰণৰ অবৈধ কাৰ্য্যকলাপ যাতে জিলাখনত বন্ধ হয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই জিলা অনুজ্ঞাপত্ৰধাৰী প্ৰতিখন ঔষধৰ ফাৰ্মাচীত চিচি টিভি কেমেৰা লগাবলৈ নিৰ্দেশ জাৰি কৰা হৈছে বুলি সদৰি কৰে ।

জিলা প্ৰশাসনৰ উদ্যোগত এনেধৰনৰ ড্ৰাগছ বিৰোধী অভিযান ধাৰাবাহিক ভাৱে চলাই যোৱাৰ কথা ঘোষণা কৰে ।

সজাগতামূলক সভা