অসম

য়চে দৰজে ঠংছিক ২০২১ বৰ্ষৰ দুম্বেৰ দাই বঁটা প্ৰদান …

asomiyapratidin

ডিজিটেল সংবাদ, মঙলদৈ: অসম সাহিত্য সভাৰ সাহিত্যসূৰ্য লুম্মেৰ দাই সাহিত্য বঁটা-২০২১ প্ৰদান ৷য়চে দৰজে ঠংছি ক ২০২১ বৰ্ষৰ দুম্বেৰ দাই বঁটা প্ৰদান ৷

বুধবাৰে অসম সাহিত্য সভাৰ মঙলদৈ আঞ্চলিক কাৰ্যলয়ৰ উদ্যেগত দৰং জিলা সাহিত্য সভা আৰু মঙলদৈ প্ৰেছ ক্লাৱৰ সহযোগত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত প্ৰথিতযশা সাহিত্যিক পদ্মশ্ৰী য়েচে দৰজে ঠংছিক প্ৰদান কৰে এই বঁটা।

২০০৯ চনৰ পৰাই অসম সাহিত্য সভাই দুবছৰৰ মুৰে মুৰে প্ৰদান কৰি আহিছে সাহিত্যসূৰ্য্য দুম্বেৰ দাই বঁটা।
ইতিমধ্যে অসমৰ কেইবাজনো বিশিষ্ট সাহিত্যিকক এই লুম্মেৰ দাই সাহিত্য বঁটা প্ৰদান কৰি আহিছে অসম সাহিত্য সভাই ৷

মঙলদৈত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, দৰং জিলা সাহিত্য সভাৰ বিষয়ববীয়া, মঙলদৈ প্ৰেছ ক্লাৱৰ সদস্যৰ লগতে জিলাখনৰ বহুকেইজন সাহিত্যিক তথা বিশিষ্ট ব্যক্তি উপস্থিত থাকে।