ধেমাজিত তিনি ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ…

ধেমাজিত তিনি ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ…

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজিত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৷ বুধবাৰে দিনৰ প্ৰায় ১০-৩০ বজাত ধেমাজি আৰক্ষীয়ে আটক কৰে ৩ গৰাকী ড্ৰাগছ ব্যৱসায়ী ৷ ধেমাজি ৩ নং ৱাৰ্ডৰ টঙনাপাৰা এটা ভাড়াঘৰৰ পৰা আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত আটক কৰা ড্ৰাগছ ব্যৱসায়ী কেইজন হৈছে বম্বেশ্বৰ নৰহ (৪০) ,অৰবিন্দ দিহিঙ্গীয়া(৩০) আৰু ধ্ৰুৱজ্যোতি বসুমতাৰী(৩১)।

আৰক্ষীয়ে তেওঁলোকৰ পৰা ২.৪৮ গ্ৰাম হেৰোইন,  ২ টা কনন্টেইনাৰ, ২ খন মটৰচাইকেল আৰু ২ টা মোবাইল জব্দ কৰাৰ লগতে নগদ ৬১৫০ টকাও জব্দ কৰিছে ৷ আৰক্ষীৰ ভাষ্য মতে অৰবিন্দ দিহিঙ্গীয়াই ভাড়া ঘৰৰ পৰাই যুৱককেইজনৰ সৈতে ড্ৰাগছৰ ব্যৱসায় অব্যাহত ৰাখিছিল৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in