ফটোত ক্ৰমে অংকিতা,চিমি গগৈ আৰু দীপকা গগৈ
ফটোত ক্ৰমে অংকিতা,চিমি গগৈ আৰু দীপকা গগৈ 
অসম

খেলো ইণ্ডিয়া এথলেটিকছত উজলিল কলিয়াবৰৰ অংকিতা শইকীয়া

Asomiya Pratidin

ডিজিটেল সংবাদ,কলিয়াবৰঃ কলিয়াবৰলৈ গৌৰৱ কঢ়িয়াই আনিলে অঙ্কিতা শইকীয়াই। সৰুসজাই ষ্টেডিয়ামত অসম এথলেটিক এছ'ছিয়েচনৰ উদ‍্যোগত আয়োজিত 'খেল' ইণ্ডিয়া ৱ'মেন এথলেটিকছ ২০২৩' প্ৰতিযোগিতাত ১০০ মিটাৰ দৌৰত তেওঁ ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হয়।

কলিয়াবৰ জিলা ক্ৰীড়া সন্থাৰ খেলুৱৈগৰাকীয়ে নগাঁও জিলাৰ হৈ অংশগ্ৰহণ কৰি এই সফলতা লাভ কৰে। কোকৰাঝাৰস্থিত ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণত প্ৰশিক্ষণ লৈ থকা অঙ্কিতাৰ এই সফলতাই সমাগত অষ্টাদশ ৰাষ্ট্ৰীয় যুৱ এথলেটিক্‌চ চেম্পীয়নশ্বীপত অসম দলত স্থান লাভ কৰাৰ বাট মুকলি কৰিলে।

আনহাতে, কলিয়াবৰৰ দুই উদীয়মান মহিলা ফুটবলাৰ চিমি গগৈ আৰু দীপিকা গগৈ অসম মহিলা ফুটবল দলৰ বাচনি শিৱিৰলৈ আমন্ত্ৰণ লাভ কৰিছে। কলিয়বৰ জিলা ক্ৰীড়া সন্থাৰ অন্তৰ্ভূক্ত দল ফ্ৰেণ্ডশ্বীপ ক্লাৱৰ হৈ অসমৰ কেইবাখনো মহিলা ফুটবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দৃষ্টিনন্দন খেলেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।

উল্লেখযোগ‍্য যে, শেহতীয়াকৈ গুজৰাটত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত অসম দলৰ হৈ প্ৰতিনিধিত্ব কৰিছিল চিমিয়ে। এতিয়াও এখন মানসম্পন্ন খেল পথাৰৰ অভাৱৰ মাজতে সীমিত সা-সুবিধাৰে কলিয়াবৰৰ পৰা ৰাজ‍্যিক পৰ্য‍ায়ত দেখুওৱা উন্নত প্ৰদৰ্শনৰ বাবে তিনিওগৰাকী যুৱ খেলুৱৈৰ সফলতাই কলিয়াবৰৰ ক্ৰীড়াপ্ৰেমী ৰাইজক আনন্দিত কৰিছে। কলিয়াবৰৰ ক্ৰীড়াপ্ৰেমীৰ আশা প্ৰকাশ কৰে যে, অনতিপলমে নিৰ্মীয়মান ডা: টি. আও গ্ৰাম‍্য ক্ৰীড়াঙ্গনখনৰ সম্পূৰ্ণ হৈ উঠিব।