বিধানসভাৰ অধিৱেশন
বিধানসভাৰ অধিৱেশন 
অসম

কেবিনেট বৈঠক নহয়, এইবাৰ দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন...

Asomiya Pratidin

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কেবিনেট বৈঠক ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত হোৱাৰ পিছত এইবাৰ দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব বিধানসভাৰ অধিৱেশন । কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ শীতকালীন অধিৱেশন । এই লৈ বিটিচিৰ সচিবালয়ত ইতিমধ্যেই আৰম্ভ হৈছে প্ৰস্তুতি । প্ৰস্তুতিৰ বুজ লবলৈ সোমবাৰে কোকৰাঝাৰত উপস্থিত হয় বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

কাম-কাজৰ অগ্ৰগতিৰ বুজ লৈ অধ্যক্ষগৰাকীয়ে কয় যে দিছপুৰৰ বাহিৰত বিধানসভা অধিৱেশন অনুষ্ঠিত কৰাৰ উদ্দেশ্য হৈছে বিধায়িনী প্ৰক্ৰিয়া ৰাইজে জনাতো অতিকৈ প্ৰয়োজন । গণতান্ত্ৰিক দেশত ৰাইজৰ প্ৰতিনিধিয়ে দেশ পৰিচালনা কৰে । আৰু এই পৰিচালনা কৰাৰ মূল মঞ্চ হৈছে হ'ল বিধানসভা । চৰকাৰ যিটো দলেই গঠন নকৰক কিয় বিধানসভাৰ মজিয়াত সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতহে কাম কৰিব পাৰে ।

কোকৰাঝাৰত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী

তদুপৰি অধ্যক্ষগৰাকীয়ে কয় যে, তেওঁ অধ্যক্ষ হোৱাৰ পাছতেই এই অধিৱেশন সকলোৰে বাবে মুকলি কৰি দিছে যাতে ছাত্ৰ-ছাত্ৰীৰ লগতে সাধাৰণ জনতাই যিকোনো সময়ত এইয়া পৰিদৰ্শন কৰিব পাৰে ।

ইতিমধ্যেই দিছপুৰৰ বাহিৰৰ বহু স্থানত কেবিনেট অনুষ্ঠিত হৈছে । যাৰ ফলত ৰাজকোষৰ বহুতো ধন খৰছ হৈছে । এইবাৰ বিধানসভা ৰাজধানীৰ বাহিৰত অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে ।

পিছে দিছপুৰৰ বাহিৰত বিধানসভা অনুষ্ঠিত কৰাৰ উদ্দেশ্য যিয়েই নহওক কিয় এই কাৰ্যই যে ৰাজকোষৰ এক বুজন সংখ্যক ধন ব্যয় কৰিব সেইয়া নিশ্চিত হৈ পৰিছে । কিয়নো ইতিমধ্যেই শাসনাধিষ্ঠ চৰকাৰে ৰাজ্যৰ পৰিচালনাৰ বাবে এক বৃহৎ পৰিমাণৰ ঋণ লৈছে । এনে সময়ত দিছপুৰৰ বাহিৰত বিধানসভা অনুষ্ঠিত কৰাৰ সিদ্ধান্তই পুনৰ ৰাজকোষৰ ধন ব্যয়ত অৰিহণা যোগাব সেইয়া নিশ্চিত হৈ পৰিছে ।