অসম

উজনিৰ ১০ যুৱকৰ আলফাত যোগদান : পৰেশ অসমৰ মতে যোগদান কৰা নাই বিকাশ গগৈয়ে...

Asomiya Pratidin

ডিজিটেল সংবাদ, ফিল'বাৰী : ৰাজ্যত ৰঙালী বিহুৰ উল্লাস-উদ্দীপনা অব্যাহত থকাৰ সময়তে উজনি অসমৰ দহ গৰাকীকৈ যুৱক আলফা (স্বা)ত যোগদান কৰাৰ উদ্দেশ্যেৰে অৰুণাচল হৈ ম্যানমাৰত প্ৰৱেশ কৰাৰ কথা চৰ্চা চলিছে ৷ আলফা আৰু এন-এছ-চি-এনৰ তত্বাৱধানত থকা এই নতুন সদস্য কেইগৰাকীয়ে ইতিমধ্যেই সামৰিক প্ৰশিক্ষণৰ বাবে সাজু হোৱা বুলি এক বিশেষ সূত্ৰই সদৰি কৰে৷

নতুনকৈ আলফাত যোগদান কৰা এই সদস্যসকলৰ ভিতৰত আছে কাকপথাৰৰ বিকাশ মহন্ত, কৰ্দৈগুৰিৰ পৱন দহোটীয়া আৰু এন্থনি মৰাণকে ধৰি ডিমৌৰ দুজন যুৱক, যোৰহাটৰ এজন আৰু আন কেইজন তিনিচুকীয়া জিলাৰ ৷ কিন্তু বিগত ২২ মাৰ্চৰ পৰা নিৰুদ্দিষ্ট হৈ থকা বৰডুমচাৰ সমীপৰ ১ নং ডুমডুমা ন-গাঁৱৰ যুৱক বিকাশ গগৈ আলফা (স্বা)ত যোগদান কৰা নাই বুলি বুধবাৰে আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই টেলিফোন যোগে এক বিশেষ সূত্ৰক সদৰি কৰে ৷

গাঁওখনৰ প্ৰয়াত দেৱা গগৈ আৰু প্ৰমিলা গগৈৰ পুত্ৰ বিকাশ গগৈ (২২) নামৰ যুৱকজন আলফাত যোগদান কৰা বুলি একাংশ সংবাদ মাধ্যমত বাতৰি প্ৰচাৰ হোৱাৰ পাছতে আলফা সেনাধক্ষ্য পৰেশ বৰুৱাই উক্ত যুৱকজন আলফালৈ অহা নাই বুলি ব্যক্ত কৰে৷ উল্লেখ্য যে, ২০২১ চনত বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমূহুত্বত বিকাশ গগৈ নামৰ যুৱকজনৰ পিতৃ দেৱা গগৈ এক হত্যাকাণ্ডৰ বলি হৈছিল । সেই সময়ত ৰাজনৈতিক কাৰণতেই দেৱা গগৈৰ হত্যাকাণ্ডৰ বলি হোৱাৰ সন্দেহ কৰিছিল বহুতে।

যিহেতু সেই সময়ত দেৱা গগৈ বৰডুমছা অঞ্চলৰ বিজেপি দলৰ এগৰাকী সক্ৰিয় কৰ্মী হোৱাৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাৰো ঘনিষ্ঠ আছিল। ইপিনে পিতৃৰ হত্যাকাণ্ডৰ উচিত ন্যায়ৰ পৰা বঞ্চিত হোৱাৰ সমান্তৰালভাৱে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মা তথা চৰকাৰৰ পৰাও কোনোধৰণৰ সহযোগিতা লাভ নকৰাত বিকাশ গগৈ মানসিকভাৱে ভাগি পৰিছিল বুলি স্থানীয় লোকসকলে প্ৰকাশ কৰিছে।

ইয়াৰ পৰৱৰ্তী সময়ত পিতৃ হত্যাৰ পোটক তুলাৰ লক্ষ্যৰে বিকাশে আলফাত যোগদানৰ প্ৰস্তুতি চলাইছিল যদিও আলফাৰ শীৰ্ষ নেতৃত্বই যুৱকজনৰ মনোবৃত্তি বুজি পাই বিকাশক সংগঠনটোৱে আদৰি নল'লে ৷ কিন্তু শেহতীয়াকৈ বিকাশৰ মাতৃয়ে সংবাদ মাধ্যমৰ যোগে নিৰুদ্দিষ্ট যুৱকজন যদিহে আলফাত যোগদান কৰিছে তেন্তে পুনৰ ঘৰলৈ উভতাই পঠিয়াবলৈ পৰেশ বৰুৱাক আহ্বান কৰাৰ পাছতে পৰেশ বৰুৱাই নিৰুদ্দিষ্ট বিকাশৰ সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৷

বৰুৱাৰ এই প্ৰতিক্ৰিয়াৰ পাছতে এতিয়া আন কেতবোৰ প্ৰশ্নৰ অৱতাৰণা হৈছে। যদিহে বিকাশ গগৈয়ে আলফাত যোগদান কৰা নাই তেনেহ’লে ক’ত সন্ধানহীন হৈ পৰিল যুৱকজন ? নে পিতৃৰ দৰেই আন এক হত্যাকাণ্ডৰ বলি হ’ল বিকাশ গগৈ ! ইফালে স্থানীয় আৰক্ষীৰ নিষ্ক্ৰীয় ভূমিকাকলৈ উত্থাপিত হৈছে নানা প্ৰশ্নৰ ৷ আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তিনিচুকীয়া জিলা সমিতিৰ লগতে অঞ্চলটোৰ দল-সংগঠন সমূহে নিৰুদ্দিষ্ট বিকাশ গগৈৰ সন্ধানত জোৰদাৰ আন্দোলন কৰাৰ হুংকাৰ দিছে ৷