অসম

আহি আছে অসমীয়া ছবি 'ইশ্বৰ', দেখা যাব প্ৰয়াত অভিনেতা নিপন গোস্বামীকো...

Asomiya Pratidin

ডিজিটেল ডেস্ক: অসমীয়া ছবি প্ৰেমীৰ বাবে ভাল বাবে। আহি আছে এক্সন, ৰোমাঞ্চেৰে ভৰপুৰ এখন অসমীয়া কথাছবি। ২ ডিচেম্বৰত মুক্তি লাভ কৰিব ছবি খনে।

ৰুবুল দাসৰ নিৰ্দশনা আৰু দীনেশ দাসৰ প্ৰযোজনাত নিৰ্মাণ হোৱা ছবি 'ইশ্বৰ' কাইলৈ আহিব ছবি গৃহলৈ। তাৰ পূৰ্বে বৃহস্পতিবাৰে গুৱাহাটীস্থিত জ্যোতি চিত্ৰবনত ছবিখনক প্ৰিমিয়াৰ শ্ব' হৈ যায়।

আজিৰ এই প্ৰিমিয়াৰ শ্ব'ৰ পূৰ্বে ছবিখনৰ লগত জড়িত কেইবাগৰাকী লোকক সম্বৰ্ধনা জনোৱা হয়। এই অনুষ্ঠানটোৰ আঁতধৰে বিশিষ্ট নাট্যকাৰ বিপুল বৰাই। অনুষ্ঠানটোৰ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী বুলি ভূঞাই।

'ইশ্বৰ',

এই অনুষ্ঠানতেই ছবি খনৰ নিৰ্দেশক, প্ৰযোজক, অভিনেতা, অভিনেত্ৰীকে ধৰি কেইবাগৰাকী গণ্য মান্য ব্যক্তিক সম্বৰ্ধনা জনায়। এই প্ৰিমিয়াৰ শ্ব'ত কেইবাগৰাকী দৰ্শকে চিনেমা উপভোগ গৰে।

ছবি খনৰ অভিনয়ত দেখা গৈছে প্ৰয়াত শিল্পী নিপন গোস্বামীকো।তেওঁৰ লগতে অভিনয় কৰিছে প্ৰয়াত পংকজ বৰপূজাৰী, অতুল পাঁচনী, চম্পক শৰ্মা,মুকুল দাস, ৰুবুল দাস, দৃষ্টি বৰ্মন আদি।ছবি খনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে অভিনেতা ৰুবুল দাস আৰু অভিনেত্ৰী দৃষ্টি বৰ্মনে। ছবিখনৰ সংগীত কৰিছে- জুবিন গাৰ্গ, বৰ্ণালী কলিতা, দীনেশ দাস আদি।

'ইশ্বৰ',

ছবি খনৰ নিৰ্দেশক ৰুবুল দাসে কয় যে ছবি খন নিৰ্মাণৰ সময়ত যথেষ্ঠ কষ্ট হৈছিল। কভিডৰ সময়ত ছবিখনৰ কাম চলি আছিল। প্ৰয়াত অভিনেতা নিপন গোস্বামীয়েও তেওঁক ছবি জগতত ভৰি দিয়াত যথেষ্ঠ সহায় কৰিছিল। সকলোকে ছবি খন উপভোগ কৰিবলৈ আহ্বান জনাই নিৰ্দেশক, প্ৰযোজকে। অসমৰ কেইবাটাও ছবিগৃহত ছবি খন মুক্তি লাভ কৰিব।

আৰু পঢ়ক: আজি বিশ্ব এইডছ দিৱস