অসম

বৃদ্ধি পাইছে ঢোলৰ চাহিদা...

Asomiya Pratidin

ডিজিটেল সংবাদ, বঢ়মপুৰ: হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ঢুলীয়া-নাচনীৰ আখৰাৰ সমান্তৰাল ভাৱে প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে ঢোল নিৰ্মাণ প্ৰতিষ্ঠান বোৰত ৷

বঢ়মপুৰৰ সমীপৱৰ্তী গায়নগাঁৱৰ এখন প্ৰতিষ্ঠানত ঢোল বনোৱাৰ সীমাহীন ব্যস্ততাত যুৱকৰ ৷ বিহুৰ লগে লগে চাহিদা বাঢ়িছে ঢোলৰ ৷ সেই অনুপাতে যোগান ধৰিব পৰা নাই প্ৰতিষ্ঠানবোৰে ৷ ইয়াৰ কাৰণ হিচাপে চাবলৈ গ'লে অসমৰ বিহু বিশ্ব দৰৱাৰত প্ৰতিষ্ঠা কৰিবলৈ অসম চৰকাকে লোৱা পদক্ষেপৰ বাবে ঢোলৰ চাহিদা বাঢ়িছে ৷

অৱশ্যে এইয়া এক আশা ব্যঞ্জক খবৰ। ঢোলৰ বাণিজ্যিক ক্ষেত্ৰখনত চাহিদা বঢ়াটোয়ে নিশ্চয় সাংস্কৃতিক তথা বাণিজ্যিক ক্ষেত্ৰখনৰ এক সুখবৰ। প্ৰতি বছৰে এই ঢোলৰ চাহিদা বৃদ্ধি পোৱাৰ আশা প্ৰকাশ ব্যৱসায়ী সকলে।