অসম

গৰমৰ পৰা পাব পৰিত্ৰাণ! আহি আছে বতাহ, বৰষুণ...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অহা ৪৮ ঘণ্টাৰ ভিতৰত উত্তৰ-পূবত প্রৱেশ ঘটিব মৌচুমীৰ। যাৰ ফলত বিভিন্ন প্রান্তত বৰষুণ অহাৰ সম্ভাৱনা আছে। বুধবাৰে বতৰ বিজ্ঞান কেন্দ্ৰই দিয়ে এই তথ্য।

মৌচুমীৰ প্রৱেশ ঘটিলে উৎকট গৰমৰ পৰা পৰিত্রাণ পাব জনসাধাৰণে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই সদৰী কৰে এই কথা। আজিৰ দিনটোত সৰ্বোচ্চ তাপমাত্র আছিল প্রায় ৩৯ ডিগ্রী ছেলচিয়াছ।

উল্লেখ্য যে, বিগত কেইবাটা দিন ধৰি গৰমৰ প্ৰকোপ বৃদ্ধি পোৱাৰ বাবে অসমৰ জনসাধাৰণৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছিল। ৩৮ ৰ পৰা ৩৯ ডিগ্ৰী ছেলচিয়াছ পৰ্যন্ত আছিল গৰমৰ উষ্ণতা। অৱশ্যে আজি গুৱাহাটীৰ কোনো কোনো অঞ্চলত সামান্য বৰষুণ দেখা যায়।