অসম

বিধ্বস্ত পথঃ বিহুৰ মাজতে ঢকুৱাখনাৰ কলি গাঁওত জ্বলিল নৱ দলে – হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি…

asomiyapratidin

ডিজিটেল সংবাদ ঢকুৱাখনা:  দেশে স্বাধীনতা লাভৰ স্বৰ্ণ জয়ন্তী বৰ্ষ অতিক্ৰম কৰাৰ পাছতো পৰাধীন জীৱন অতিবাহিত কৰিছে প্ৰাক্তন মন্ত্ৰী ,ঢকুৱাখনাৰ বিধায়ক নৱ দলেৰ গৃহ সমষ্টিৰ কদম ৰাজহ চক্ৰৰ অন্তৰ্গত এক বৃহত্তৰ অঞ্চলবাসীয়ে।  ১৫ বছৰীয়া বিধায়ক নৱ দলেৰ অমনোযোগিতা আৰু বেপৰোৱা  ভূমিকাৰ বলি হৈ কণ্টকাকীৰ্ণ আৰু দুৰ্বিসহ জীৱন অতিবাহিত কৰা অঞ্চলটো হ'ল  বৃহত্তৰ কলিগাঁও ।  কোনোধৰণৰ চৰকাৰী সা-সুবিধা ভোগ নকৰা এই অঞ্চলবাসীয়ে  শনিবাৰে বিধায়ক নৱ দলেৰ ধাৰাবাহিক দায়িত্বহীনতা আৰু অকমন্যতাৰ শনিবাৰে ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত কৰে ।

অঞ্চলটোৰৰ মুনিহ  তিৰোতা, যুৱক-যুৱতী একত্ৰিত হৈ কলিগাঁওৰ মৰণ ফাণ্ড  স্বৰূপ, বোকাময় গড়কাপ্তানী পথৰ ওপৰত ভূঁই ৰুই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে  নৱ দলেক প্ৰতাৰক অকমন্য বিধায়ক আখ্যা দি গড়কাপ্তানী মন্ত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অমনোযোগিতাৰ প্ৰতিবাদত প্ৰতিকৃতি দাহ কৰে। ভুক্তভোগী ৰাইজে  গাঁওখনৰ যাতায়তৰ একমাত্ৰ সম্বল স্বৰূপ এৰা দর্শে চাপৰিৰ পৰা এডুত তিনিঅলি হৈ গোগামুখ  সংযোগী  গড়কাপ্তানী পথৰ কলি গাঁও অংশৰ বোকাময় পথৰ  ওপৰত  উপস্থিত হৈ প্ৰতাৰক অকমন্য বিধায়ক নৱ দলে গ' বেক, নৱ দলেৰ প্ৰতাৰণা নছলিব , আমাক পকী গড়কাপ্তানী পথ লাগিবই, সাফল্যৰ ফটা ঢোল বজোৱা বিজেপি চৰকাৰ মূর্দাবাদ , গড়কাপ্তানী মন্ত্ৰী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মূর্দাবাদ,মিছলিয়া বিজেপি চৰকাৰৰ হায় হায় ,লখিমপুৰৰ উপায়ুক্ত হায় হায় আদি শ্লোগান দি ৰাজপথ উত্তাল কৰে ।

পাছত ভুক্তভোগী ৰাইজে গড়কাপ্তানী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অকমন্য বিধায়ক নৱ দলেৰ পুত্তলিকা দাহ কৰি সবল প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী ৰাইজে এৰা দৰ্গে, এজাৰ গুৰি ,ৰেজন চাপৰি ,চুকীয়া চাপৰি ,তিনি ঘৰীয়া ,  য়াচি কলি , কলি গাঁও,তাকো গাঁও , ভোৰ বন্ধা আদি  গৰিষ্ঠ সংখ্যক গাঁওৰ  ২০ সহস্ৰাধিক গঞাই যাতায়ত কৰা ঢকুৱাখনা ,গোগামুখ আৰু বগীনদী সংযোগী একমাত্ৰ চৰকাৰী  পথটো তৎকালে পকী কৈ নিৰ্মাণৰ অবিহনে অনাগত সময়ত অধিক ধাৰাবাহিক গণ সংগ্ৰামৰ পাতনি মেলাৰ সকীয়নী দিয়ে ।

বৃহত্তৰ অঞ্চলবাসীক স্বাস্থ্য সেৱা , পশু চিকিৎসা সেৱা, বিশুদ্ধ খোৱা পানীৰ সেৱাৰ লগতে   বিভিন্ন চৰকাৰী সা সুবিধাৰ পৰা বঞ্চিত কৰি ৰখাৰ অন্তৰালত  বিধায়ক নৱ দলেৰ চক্ৰান্তমূলক  দায়িত্বহীনতা বুলি ৰাজহুৱা মত দোহাৰি  প্ৰয়োজন সাপেক্ষে অনাগত সময়ত ভোট বৰ্জন কৰাৰো সকীয়নী দিয়ে । পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে জৰুৰী স্বাস্থ্য সেৱা লাভৰ  বাবে ৭ কিলোমিটাৰ অতিক্ৰম কৰি মৰণত শৰণ দি ৰোগাক্ৰান্ত  গোগামুখ লৈ যাব লাগে বুলি কৈ  কলি গাঁও লাটৰ গাঁও বুঢ়া মহেন চন্দ্ৰ নৰহ , নামনি ভীমপৰা আঞ্চলিক টি এম পি কেৰ উপ সভাপতি পুণ্যেশ্বৰ  ঙাতে ,  এম এম কেৰ নেতা জেকেন কমান , টি এম পি কেৰ  নামনি ভীমপৰা আঞ্চলিকৰ সদস্য কিছ কমান আৰু দুৰ্দশাগ্ৰস্ত ৰাইজে অনতিপলমে এই গুৰুত্বপূৰ্ণ পথটো পকী পথলৈ ৰূপান্তৰ কৰাৰ দাবী জনাই ।

ৰাইজে লখিমপুৰ লোকসভা সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাকো তৎকালে এই সদাব্যস্ত জৰাজীৰ্ণ ,ভাগি ছিগি উৱঁলি যোৱা , বৰষুণ দিলে।একাঠু পৰ্যন্ত বোকা হৈ খোজেৰেও নিৰাপদ যাতায়ত কৰিব নোৱাৰা অৱস্থাৰ সৃষ্টি হোৱা পথটো  কেন্দ্ৰীয় আঁচনিৰ আধাৰত ধৰি শক্তিশালী ভাবে নিৰ্মাণ কৰাৰ দাবী জনায়।