৩২ত নাথাকিব চৰকাৰী স্কুলৰ শিক্ষকৰ চাকৰি!…

৩২ত নাথাকিব চৰকাৰী স্কুলৰ শিক্ষকৰ চাকৰি!…

মৃদুল কুমাৰ সন্দিকৈ

ব্যক্তিগত বিদ্যালয় তেতিয়া নাছিল। সেই বিদ্যামন্দিৰতে সমাজ বিভিন্ন স্তৰলৈ অনবদ্য অৰিহনা আগবঢ়োৱা বহু প্ৰতিষ্ঠিত ব্যক্তিয়ে শিক্ষা গ্ৰহণ কৰিছিল। চৰকাৰী সেই বিদ্যালয়সমূহ আছিল জ্ঞানৰ উৎকৃষ্ট মন্দিৰ। সেই মন্দিৰৰ পুজাৰী আছিল শিক্ষাগুৰুসকল।

শিক্ষকসকলেই সমাজ গঢ়ে। বিদ্যালয়ত শিক্ষা আৰু জীৱনৰ আদিপাঠ দিয়ে। সেয়েহে শিক্ষাগুৰুৰ স্থান কোনোদিনেই তেতিয়া অৱনমিত হোৱা নাছিল। আপুনি কল্পনা কৰকচোন শিক্ষকবিহীন এখন সমাজৰ কথা। আজি নহ'লেও ১০বছৰৰ পিছত সকলো শিক্ষককে বাধ্যতামূলক অৱসৰ দিব লগা হ'ব পাৰে।

এয়া কোনো যদু-মধুৰ কথা নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পহিলা বহাগত কোৱা এটা গুৰুত্বপূৰ্ণ কথা এয়া। মুখ্যমন্ত্ৰীৰ মতে তেওঁ শিক্ষামন্ত্ৰী হৈ থাকোতে ২০১২চনত ৫৩হাজাৰ শিক্ষকক চাকৰি দিছিল। ভাৱিছিল শিক্ষাখণ্ডলৈ সুদিন ঘূৰি আহিব।

মুখ্যমন্ত্ৰীৰ ভাষ্যত উল্লেখ থকা অনুসৰি, ২০১২চনত চৰকাৰী বিদ্যালয়ৰ ৮২ৰ পৰা ৮৪শতাংশ ছাত্ৰ-ছাত্ৰী আছিল। সেই ছাত্ৰ-ছাত্ৰীৰ সংখ্যা চৰকাৰী বিদ্যালয়ত কমি হৈছেগৈ ৬৮শতাংশ। মুখ্যমন্ত্ৰীয়ে এই তথ্যও প্ৰকাশ কৰিছে যে, চৰকাৰী বিদ্যালয়ৰ সৰ্বশিক্ষা অভিযানৰ নামত প্ৰতিবছৰে ১৮শ কোটি টকা ব্যয় কৰা হয়।

ৰাজ্য চৰকাৰে শিক্ষাখণ্ডৰ বাবে বছৰি বাজেটত ধাৰ্য কৰা ধনৰ সংখ্যা ৩০হাজাৰ কোটিৰো অধিক। অথাৎ অসমৰ মুঠ ঘৰুৱা উৎপাদনৰ ৬শতাংশ ধন ব্যয় কৰা হয় শিক্ষাৰ নামত। খৰছ বাঢ়িছে- মুখ্যমন্ত্ৰী স্বীকাৰোক্তি এয়া। দাবী উঠিছে দৰমহা বঢ়াব লাগে। আন সা-সুবিধা শিক্ষকক দিব লাগে। কিন্তু সেইমতে চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বঢ়া নাই।

মুখ্যমন্ত্ৰীয়ে ইয়াৰ বাবে দায়ী কৰিছে শিক্ষক সকলক। এনে পৰিস্থিতিত অহা ১০বছৰৰ পাছত চৰকাৰী বিদ্যালয়ত পঢ়িবলৈ ছাত্ৰ-ছাত্ৰীয়েই নাথাকিব। তেতিয়া শিক্ষকসকলক বাধ্যতামূলক অৱসৰ দিয়াৰ বাদে আন কোনো পথ খোলা নথকাৰ কথা ৰাজ্যখনৰ বাবেই শুভ লক্ষণ নহয়।

চৰকাৰী বিদ্যালয়ত অভিভাৱকে ছাত্ৰ-ছাত্ৰীক পঢ়াব নোখোজে। ইয়াৰ বাবে দায়ী কেৱল শিক্ষকসকলেই নে? তৰুণ গগৈৰ কাৰ্যকালত অধিকাংশ সময়ে শিক্ষামন্ত্ৰী হিচাপে দায়িত্বত আছিল হিমন্ত বিশ্ব শৰ্মা। যদি এই অৱস্থা হৈছে তেনেহ'লে বিফলতাৰ বাবে তাৰ নৈতিক দায়িত্ব প্ৰথম শিক্ষামন্ত্ৰী গৰাকীয়েই ল'ব নালাগিব জানো!

মুখ্যমন্ত্ৰীৰ মতে, চৰকাৰী বিদ্যালয়ত এনে পৰিস্থিতিৰ বাবে এদিন মানুহে তেওঁক জবাবদিহি কৰিব। তিনিটা কাৰ্যকালত শিক্ষামন্ত্ৰী থকা হিমন্ত বিশ্ব শৰ্মাই জানেনে, মুখ্যমন্ত্ৰীৰ গৃহ মহকুমাত ৩৭খন আৰু শিক্ষামন্ত্ৰীৰ গৃহজিলাত ১৭খন শিক্ষকবিহীন প্ৰাথমিক বিদ্যালয় আছে।

গুৱাহাটী মহকুমাত থকা এই চৰকাৰী বিদ্যালয়সমূহত শিক্ষাৰ্থীৰ কি উৎকৰ্ষ সাধন হব তেৱেই কওঁক। অতি উদ্বেগজনক কথা যে, ৰাজ্যত ৩, ৬৮৫খন প্ৰাথমিক বিদ্যালয় চলি আছে এজনীয়া শিক্ষকৰে। অসমৰ ৩২খন জিলাৰ ৫১টা শিক্ষা মহকুমাৰ ৩৩,৮২৯খন প্ৰাথমিক বিদ্যালয় অসম ৰাজ্যিক প্ৰাথমিক শিক্ষা সন্মিলনীয়ে এক সমীক্ষা চলাইছিল।

এই সমীক্ষামতে ৰাজ্যত ৩১৪খন শিক্ষকবিহীন বিদ্যালয় আছে। ইয়াৰ উপৰিও পশ্চিম কাৰ্বি আংলং আৰু ডিফুৰ বহু বিদ্যালয়ত নিয়মীয়া শিক্ষক নাই। ২০২০বৰ্ষত স্বয়ং শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰিছিল, ৰাজ্যত এজনীয়া শিক্ষক থকা প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা ৩০৮৫খন। ২০২২বৰ্ষত এই সংখ্যাই ৪হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে।

কেৱল শিক্ষক নথকাটোৱেই সমস্যা নহয়। বহু প্ৰাথমিক বিদ্যালয়ত এতিয়াও নাই আন্তগাথনি। গুণোৎসৱ পাতিছে কিন্তু বিদ্যালয়ত নাই বিদ্যুৎ, নাই শৌচাগাৰ, ডেস্ক-বেঞ্চ। যদি চৰকাৰী প্ৰাথমিক বিদ্যালয়সমূহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে এনেদৰে উদাসীন হয়, তেন্তে কৰ পৰা আহিব শিক্ষাৰ্থী।

স্থায়ী প্ৰধান শিক্ষক নিযুক্তি নিদিয়াকৈয়ে চলি থকা প্ৰাথমিক স্কুলৰ সংখ্যাও কম নহয়। শদিয়াত ৫খন, তিনিচুকীয়াত ১খন, ডিব্ৰুগড়ত ৩৮খন, যোৰহাটত ৭খন, মাজুলীত ৪খন, তিতাবৰত ৪খন, গুৱাহাটীত ৩৭খন, ৰঙিয়াত ২খন, গোৱালপাৰাত ৩১খন, ৰঙিয়াত ২খন, জোনাইত ৫খন, লখিমপুৰত ৪খন, ধেমাজিত ১২খন, তেজপুৰত ৫৫খন, তামুলপুৰত ৭খন, মুছলপুৰত ১৯খন, শালবাৰীত ৫খন, কোকৰাঝাৰত ৫খন, হাইলাকান্দিত ১৫খন, শিলচৰত ৯খন,স লক্ষীপুৰত ৩খন, বঙাইগাঁৱত এখন বিদ্যালয়ত আজিও শিক্ষক নাই।

ইয়াৰ উপৰিও এজনীয়া শিক্ষকৰে শদিয়াত ২৮খন, মাৰ্ঘেৰিটাত ১০খন, তিনিচুকীয়াত ৬২খন, শিৱসাগৰত ২৪খন, যোৰহাটত ১১৩খন, গোলাঘাটত ১২০খন, গুৱাহাটীত ২২৪খন, গোৱালপাৰাত ১৬৭খন, লখিমপুৰত ১২১খন, ধেমাজিত ১৬০খন, বৰপেটাত ১০৮খন, তামুলপুৰত ১৪০খন, কাজলগাঁৱত ১০৪খন, মুছলপুৰত ১৪৯খন, শালবাৰীত ১০৪খন, কৰিমগঞ্জত ১৬২খন বিদ্যালয় চলি আছে এজনীয়া শিক্ষকৰে।

এইবোৰ তথ্য নিশ্চয় মুখ্যমন্ত্ৰীৰ হাতত আছে। তাৰ পাছত মুখ্যমন্ত্ৰীয়ে এইষাৰ কি কথা ক'লে। দিল্লীয়ে চৰকাৰী বিদ্যালয়ৰ নক্সাই সলাই পেলালে। ইমান দিন ধৰি মুখ্যমন্ত্ৰী নিজে শিক্ষাবিভাগৰ দায়িত্বত থকাৰ পাছতো ৰাজ্যৰ প্ৰাথমিক শিক্ষাখণ্ডৰ স্বৰূপ এয়া।

এতিয়া শিক্ষকৰ গালৈ দায় থেলি মুখ্যমন্ত্ৰীয়ে যদি কয়, ১০বছৰৰ পাছত সকলো শিক্ষককে ভি আৰ এছ দিব লাগিব বুলি। তাত চৰকাৰী শিক্ষা খণ্ডৰ প্ৰতি তেওঁৰ আস্থাপূৰ্ণ মনোভাৱৰ বিপৰীতে এক অনাস্থাৰ ভাৱহে ফুটিঁ উঠিছে। ব্যক্তিগত খণ্ডৰ স্কুলৰ সৈতে ফেৰ মাৰিব পৰাকৈ চৰকাৰী খণ্ডৰ বিদ্যালয়ক সাজু কৰি তোলাৰ বিপৰীতে মুখ্যমন্ত্ৰীয়ে কৰা এই মন্তব্য কেতিয়াও দায়িত্বশীল মন্তব্য হ'ব নোৱাৰে। যদি কোনোবাই এই অসফলতাৰ দায়িত্ব ল'ব লাগে তেনে সেয়া হিমন্ত বিশ্ব শৰ্মাই ল'ব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in