অসম

উভতাই অনা হ'ল ছিকিমত আবদ্ধ অসমৰ ছাত্ৰ-ছাত্ৰী

Asomiya Pratidin

ডিজিটেল ডেস্কঃ ডাৱৰ বিস্ফোৰণৰ ফলত প্ৰলয়ৰ সৃষ্টি হোৱা ছিকিমৰ পৰা সুকলমে উভতাই অনা হ'ল অসমৰ প্ৰায় ১২৪ গৰাকী ছাত্ৰ-ছাত্ৰী। দেওবাৰে নিশা অসম চৰকাৰৰ তৎপৰাত উভাতাই অনা হৈছে ছিকিমত অধ্যয়নৰত উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ শিক্ষাৰ্থীসকলক উভতাই অনা হয়। সোমবাৰে পুৱাৰ ভাগতে গুৱাহাটীস্থিত ৰেডিছন ব্লু হোটেলত উপস্থিত হৈ ছাত্ৰ-ছাত্ৰীসকল। গুৱাহাটীত উপস্থিত ছাত্ৰ-ছাত্ৰীসকলক আদৰণি জনাই শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।

জানিব পৰা মতে, ছিকিমত আৱদ্ধ হৈ থকা ছাত্ৰ-ছাত্ৰীসকলক গুৱাহাটীলৈ ঘূৰাই অনাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমৰ ৬খন বাছ মোতায়ন কৰা হয়। সূত্ৰৰ পৰা জানিব পৰা মতে, অধিকাংশ ছাত্ৰ-ছাত্ৰীয়ে ছিকিম মণিপাল বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছিল।

উল্লেখ্য যে, যোৱা ৬ অক্টোবৰত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই উল্লেখ কৰিছিল যে ছিকিমত আবদ্ধ হৈ থকা ৰাজ্যখনৰ ছাত্র-ছাত্রীসকলক উভতাই অনা প্রক্রিয়া চোৱাচিতা কৰিবলৈ দুজন জ্যেষ্ঠ বিষয়াক প্রেৰণ কৰা হৈছিল৷ মুখ্যমন্ত্ৰী শৰ্মাৰ মতে, ছিকিমৰ ৰংপো আৰু মাজিতাৰ অঞ্চলত মুঠ ১৬০ গৰাকী ছাত্ৰ-ছাত্ৰী আৱদ্ধ হৈ আছে।