অসম

বিতৰ্কই লগ এৰা নাই "অষ্টম অসম ৰাজ্যিক চলচ্চিত্র বঁটা"ক!

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসমৰ চলচ্চিত্র জগতৰ সৈতে জড়িত শিল্পী-কলাকুশলী সকলক উৎসাহিত কৰাৰ উদ্দেশ্যে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্রমা বিভাগে বিগত বছৰসমূহৰ দৰে এইবছৰো ১৩ মাৰ্চত অনুষ্ঠিত কৰিছিল অষ্টম অসম ৰাজ্যিক চলচ্চিত্র বঁটা প্রদান অনুষ্ঠান। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা হৈছিল এই অনুষ্ঠান।

উক্ত অনুষ্ঠানত ২০১৮ আৰু ২০১৯ দুয়োটা বছৰৰ বাবেও পৃথককৈ বঁটা প্ৰদান কৰা হৈছিল। ২০১৮ চনৰ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত আৰু ২০১৯ চনৰ জানুৱাৰীৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত নির্মিত অসমীয়া কথাছবি, তথ্য চিত্ৰ আৰু চুটি ছবিব বাবে মুঠ ৪০ টা শিতানত বঁটা বিজয়ী শিল্পী, কলাকুশলী সকলৰ লগতে পবিত্ৰ কুমাৰ ডেকাৰ সোঁৱৰণত শ্রেষ্ঠ চলচ্চিত্র সমালোচকৰ ৰাজ্যিক চলচ্চিত্র বঁটা প্ৰদান কৰা হয়।

পিছে অনুষ্ঠানটিৰ সামৰণি পৰিলেও বিতর্কই লগ এৰা নাই অসম ৰাজ্যিক চলচ্চিত্র নিগমক। প্ৰথমে আৰম্ভ হৈছিল এটা বিশেষ বঁটাক লৈ বিতৰ্ক। মূলত এটা গানৰ মূল গায়িকাৰ পৰিৱৰ্তে অন্য গায়িকাক বঁটা প্ৰদান কৰা কথা সৰ্বতে চৰ্চিত হৈছিল। অৱশ্যে পৰিৱৰ্তী পৰ্যায়ত কৰ্তৃপক্ষই নিজৰ ভুল স্বীকাৰ কৰি বিচাৰিছিল ক্ষমা। লগতে স্পষ্টিকৰণ দিছিল যে, কৰ্তৃপক্ষই গায়িকাৰ নাম ঠিকেই দিছে কিন্তু গানৰ নামহে ভুলকৈ আহিল।

এই স্পষ্টিকৰণৰ পাছতেই গা কৰি উঠিছিল অন্য এক বিতৰ্কই। সেইয়া হ'ল অনুষ্ঠানত প্ৰদান কৰা চেক বাউঞ্চ। প্ৰায় অধিকাংশ লোকৰ চেক বাউঞ্চ হোৱাৰ ঘটনাত পুনৰ বিতৰ্কত সোমাই পৰিছিল অনুষ্ঠানটো। পিছে সময়ৰ লগে লগে সেইয়া শাম কাটিছিল।

এতিয়া পুনৰ অনুষ্ঠানটোৰ বিষয়ে উত্থাপন হৈছে অভিযোগ। অভিযোগ অনুসৰি এজন পৰিচালকক ২০১৮ চনৰ বিশেষ এখন তথ্যচিত্রৰ বাবে শ্ৰেষ্ঠ তথ্য চিত্রৰ সন্মান আগবঢ়োৱা হৈছিল। পিছে অনুষ্ঠানৰ খেলি-মেলিৰ কথা অৱগত কৰি পৰিচালক গৰাকীক মঞ্চত দিয়া নাছিল সন্মান। পৰিচালক গৰাকীয়ে সেই সময়ত কোনো অভিযোগ কৰা নাছিল যদিও এই পৰ্যন্ত পৰিচালক গৰাকীক তেওঁৰ প্ৰাপ্য (চেক) প্ৰদান নকৰাত আজি সামাজিক মাধ্যমত মুকলিকৈ ক্ষোভ প্রকাশ কৰে। তদুপৰি চৰকাৰে ধন নোহোৱা আৰু তালিকাত পৰিচালক গৰাকীৰ নাম নথকাৰ কথা অৱগত কৰাত দুখ প্ৰকাশ কৰে পৰিচালক গৰাকীয়ে। উল্লেখ্য যে, চৰকাৰে প্ৰকাশ কৰা তালিকাত নাম উল্লেখ আছিল পৰিচালক গৰাকীৰ।

ইয়াৰ লগে লগে পুনৰ চৰ্চাত আহি পৰিছে অসম ৰাজ্যিক চলচ্চিত্র নিগম। প্ৰশ্ন উত্থাপন হৈছে কিয় চৰকাৰে প্ৰদান কৰা সন্মানত অপমানহে লাভ কৰিব লগীয়া হয় শিল্পীয়ে ? লগতে প্ৰশ্ন উত্থাপন হৈছে উৰ পৰিব নে অনুষ্ঠানটোৰ বিতৰ্ক ? কলা-কৌশলী সকলে পাব নে তেওঁলোকৰ প্ৰাপ্য ?