ৰাজ্যিক কেবিনেটৰ সিদ্ধান্তসমূহ…
- ৰাজ্যিক কেবিনেটৰ বৈঠক সমাপ্ত।
- জনতা ভৱনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হৈছিল এই কেবিনেট বৈঠক।
- গৃহৰক্ষী জোৱান বৰছিং বে'ক কনিষ্টবল হিচাপে নিযুক্তি প্ৰদান।
- বৰছিং বে'ক গৃহৰক্ষী জোৱান হিচাপে নিযুক্তিৰ সিদ্ধান্তত অনুমোদন ৰাজ্যিক কেবিনেটৰ।
- মাইক্ৰ'ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভতো গ্ৰহণ কৰা হৈছে গুৰুতত্বপূৰ্ণ সিদ্ধান্ত।
- মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পূৰ্বে মাইক্র'ফাইনেন্সৰ ঋণ ৰেহাই সন্দৰ্ভত গ্ৰহণ কৰা সিদ্ধান্তক অনুমোদন ৰাজ্যিক কবিনেটৰ।
- চৰকাৰী শিক্ষানুষ্ঠানৰ বাবে মাটি আবন্তন দিবলৈ জিলা উপায়ুক্তই ল'ব পাৰিব সিদ্ধান্ত।
- গ্ৰামাঞ্চলতহে এই নীতি প্ৰযোজ্য হ'ব।
- হাতী-মানুহৰ সংঘাতৰ ক্ষেত্ৰতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
- হাতীৰ আক্ৰামণৰ ক্ষতিপূৰ্ণ ডি এফ অ'য়ে নিজেই প্ৰদান কৰিব পাৰিব।
- অইল, অ' এন জি চিয়ে মাটি অধগ্ৰহণ কৰিলে দিব লাগিব উচিত মূল্য।
- চহৰ অঞ্চলত মাটিৰ মূল্যৰ উপৰিও দিব লাগিব ১২ লাখ টকা।
- গ্ৰাম্য অঞ্চলত মাটিৰ মূল্যৰ উপৰিও দিব লাগিব ১০ লাখ টকা।
- প্ৰতি বিঘা মাটিৰ বিনিময়ত দিব লাগিব এই ধন।