অসম

সমবায়ৰ সচিব দিব্য ফুকনৰ বৃহৎ কেলেংকাৰী,এজাহাৰ দাখিল, যোৰহাট কাৰ্যালয় সহ ২৪০ শাখাত ওলমিব তলা

Asomiya Pratidin

ডিজিটেল ডেস্কঃ এহেজাৰ কোটিৰ বৃহৎ কেলেংকাৰী সংঘটিত কৰাৰ গোচৰত অসম বহুমুখী সমবায় সমিতিৰ যোৰহাটস্থিত মুখ্যকাৰ্যালয়ৰ লগতে বিভিন্ন জিলাত থকা ৪০টা শাখা কাৰ্যালয়ত আজি একে সময়তে ওলমিব তলা।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি এই সমবায় সমিতিখনে হ্ৰস্বকালীন ঋণ প্ৰদান, ক্ষুদ্ৰ সঞ্চয় আৰু নিযুক্তিৰ নামত সংঘটিত কৰি আহিছিল ব্যাপক দুৰ্নীতি তথা অনিয়ম। এনে পৰিপ্ৰেক্ষিততে উক্ত সমবায় খনৰ সভাপতি ৰূপে কাৰ্যনিৰ্বাহ কৰা সাংসাদ কামাখ্যা প্ৰসাদ তাসাই কিছুদিন পূৰ্বে পদত্যাগ কৰে।

ইফালে সমবায় খনৰ সচিব দিব্যধৰ ফুকনৰ নেতৃত্বত গঠিক কোটি কোটি টকা দুৰ্নীতি, অনিয়মৰ সন্দৰ্ভত চৰকাৰে তদন্তৰ নিৰ্দেশ জাৰি কৰাৰ লগতে সচিব গৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিলৰো নিৰ্দেশনা জাৰি কৰিছিল।

জনৈক প্ৰদীপ কলিতা আৰু ১৩ গৰাকী লোকৰ আবেদনৰ ভিত্তিত গঠিত তদন্ত কমিটিৰ দায়িত্বত থকা অতিৰিক্ত পঞ্জীয়ক শ্ৰীমতি কবিতাৰাণী দাস আৰু আঞ্চলিক যুটীয়া পঞ্জীয়ক শ্ৰী এইচ কে গায়নে জিলাৰ উপ-পঞ্জীয়কৰ অভিযোগ সহ প্ৰতিবেদন দাখিল কৰিছিল।

সেই অনুসৰি এই সমবায় সমিতিয়ে অবৈধভাৱে বৃহৎ পৰিমাণৰ পূঁজি ৰেকাৰিং ডিপোজিট হিচাপে সংগ্ৰহ কৰাৰ পাছত বিভিন্ন ব্ৰাঞ্চৰ এজেন্ট, ব্ৰাঞ্চ মেনেজাৰ আদিৰ পলায়ন কৰাৰ দৰে ঘটনাও পোহৰলৈ আহে।

সেই মৰ্মে ৩০ ডিচেম্বৰ পুৱাই যোৰহাট আৰক্ষী থানাত সচিব গৰাকীৰ বিৰুদ্ধে গোচৰ দাখিল কৰাৰ লগতে এই বিচাৰৰ নিষ্পত্তি নোহোৱা পৰ্যন্ত সমবায় সমিতিখনৰ মুখ্য কাৰ্যালয়ৰ লগতে ৰাজ্যত থকা ২৪০ টা কাৰ্যালয়ত সাময়িকভাৱে তলা লগাই তথ্য পাতি জব্দ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইফালে এই খবৰ পোহৰলৈ অহাৰ লগে লগে সমিতি খনত লাখ লাখ টকাৰ ক্ষুদ্ৰ সঞ্চয় কৰা গ্ৰাহক আৰু বিভিন্ন শাখাত নিয়োগৰ বাবে ধন আদায় দিয়া প্ৰাৰ্থী সকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাই নহয়, কাৰ্যালয়সমূহক কৰ্মৰত কৰ্মচাৰী সমূহৰ মজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।

আৰু পঢ়ক: নিযুক্তি ঠিকাভিত্তিত, দৰমহা কিমান জানেনে? ১লাখ ৯৭ হাজাৰ টকা...