প্ৰতিটো ঘৰত পহৰা দিয়া অসম্ভৱ, বিহুত ঘৰ খালী কৰি নাযাব: আৰক্ষী আয়ুক্ত

সন্মুখত ভোগালী বিহু। প্ৰতিগৰাকী অসমীয়াই জো যা চলাইছে হেঁপাহৰ ভোগালীক আদৰাত।

author-image
Asomiya Pratidin
New Update
প্ৰতিটো ঘৰত পহৰা দিয়া অসম্ভৱ, বিহুত ঘৰ খালী কৰি নাযাব: আৰক্ষী আয়ুক্ত

আৰক্ষী আয়ুক্ত দিগন্ত বৰাৰ...

ডিজিটেল ডেস্ক: সন্মুখত ভোগালী বিহু। প্ৰতিগৰাকী অসমীয়াই জো যা চলাইছে হেঁপাহৰ ভোগালীক আদৰাত। এই সময়চোৱাত চহৰৰ প্ৰায়ভাগ মানুহেই পুৰণি সোৱাদ বিচাৰি গাঁৱলৈ ঢাপলিয়াই যোৱা দেখা যায়।

Advertisment

ইয়াৰ মাজতে মহানগৰবাসীলৈ আৰক্ষী আয়ুক্তই এক বিশেষ আহ্বান জনাইছে মহানগৰবাসীক।আৰক্ষী আয়ুক্ত দিগন্ত বৰাই বিহুত ঘৰলৈ যাম বুলি ‍ভবাসকলৰ বাবে আহ্বান জনায়।

তেওঁ কয় যে ঘৰ খালী কৰি বিহু খাবলৈ নাযাব।এজন হ’লেও লোকক ঘৰত থৈ যাব।প্রতিটো ঘৰত প্রহৰা দিয়াটো আৰক্ষীৰ বাবে অসম্ভৱ।

লগতে কয় যে গুৱাহাটীত আৰক্ষী আৰু বিষয়া-জোৱানৰ সংখ্যা কম। ৩১ জানুৱাৰীৰ দৰে সুৰাপায়ীৰ বিৰুদ্ধে ওৰে নিশা নচলে অভিযান। গতিকে সকলোকে ঘৰতে সুকলমে বিহু উদযাপন কৰিবলৈ আহ্বান জনাই বৰাই।

আৰু পঢ়ক: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৰোড শ্ব'ত অঘটন, দৌৰি আহিল যুৱক আৰু পাছত...

assam guwahati Assam police