জামুগুৰিহাটত অবৈধ অৰুণাচলী সুৰা জব্দ
জামুগুৰিহাটত অবৈধ অৰুণাচলী সুৰা জব্দ 
অসম

জামুগুৰিহাটত অবৈধ অৰুণাচলী সুৰা জব্দ

Asomiya Pratidin

ডিজিটেল সংবাদ,জামুগুৰিহাটঃ আৰক্ষীয়ে জব্দ কৰিলে অবৈধ অৰুণাচলী সুৰা। জামুগুৰিহাটৰ সমীপৰ অৰুণাচল সীমান্তৱৰ্তী চিজোচাত মঙলবাৰে পুৱা ইটাখোলা আৰক্ষীয়ে ১০ কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয় ৷

পুৱা ইটাখোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰজ্যোতি শইকীয়াৰ নেতৃত্বত আৰক্ষীৰ দলে গোপন সূত্ৰৰ পম খেদি গৈ চিজোচাৰ বিভিন্ন প্ৰান্তত তালাচী চলাই এই বৃহৎ পৰিমানৰ অবৈধ সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে কোনো এজন লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে ।