অসম

ৰূপহীহাটত ড্ৰাগছৰ ৰমৰমীয়া বেহা

Asomiya Pratidin

ডিজিটেল সংবাদ,ৰূপহীহাটঃ ৰূপহীহাটত দীৰ্ঘ দিন ধৰি ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে ৷ শনিবাৰে আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই এজন ব্যৱসায়ীৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ আৰক্ষীয়ে জব্দ কৰিছে ৷

ৰূপহীহাট আৰক্ষী থানাৰ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি পুৱা ভাগতে ৪০ টা ড্ৰাগছ ভৰ্তি কন্টেইনাৰ,৩২ টা কফ ছিৰাপ,আৰু ২০০ নিচা জাতীয় টেবলেট জব্দ কৰাৰ লগতে পশ্চিম শালপাৰাৰ ড্ৰাগছ বেপাৰী গুলজাৰ হুছেইনক আৰক্ষীয়ে আটক কৰে ৷

জব্দকৃত ড্ৰাগছখিনিৰ ওজন ১০·২২ গ্ৰাম বুলি জনায় ৷ আৰক্ষীয়ে অধিক তথ্যৰ বাবে ড্ৰাগছ বেপাৰী গুলজাৰ হুছেইনক জেৰা অব্যাহত ৰাখিছে ৷