অসম

বোকাজানত জব্দ ব্ৰাউন চুগাৰসহ সৰবৰাহকাৰী

Asomiya Pratidin

ডিজিটেল সংবাদ ,বোকাজানঃ কাৰ্বি আংলং আৰক্ষীৰ পুনৰ এক বৃহৎ সাফল্য।বোকাজানত জব্দ প্ৰায় ১৫ কোটি টকাৰ ব্ৰাউন চুগাৰ। জানিব পৰা অনুসৰি বিহাৰৰ পৰা ড্ৰাগছৰ সৰবৰাহ হৈছে ।

আৰক্ষীৰ চেক পোষ্ট দেখি এখন বাছৰ পৰা নামি যাওঁতেই আটক কৰে ড্ৰাগছ সৰবৰাকাৰীজনক। ধৃত সৰবৰাহকাৰীজনৰ নাম সুনীল কুমাৰ। সুনীলৰ পৰা জব্দ কৰে ৫ কে জি ব্ৰাউন চুগাৰ।

বিহাৰৰ পৰা ট্ৰেইনত আনিছিল জব্দকৃত ড্ৰাগছখিনি। ইতিমধ্যে সৰবৰাহকাৰী সুনীল কুমাৰক আটক কৰিছে বোকাজান আৰক্ষীয়ে