অসম

শিক্ষা বিষয়া বুদ্ধদেৱ কটকীৰ বাসভৱনত আৰক্ষীৰ অভিযান

Asomiya Pratidin

ডিজিটেল সংবাদ,নগাঁও : শিক্ষা বিষয়াৰ বাসভৱনত আৰক্ষীৰ অভিযান ৷ নগাঁও চহৰৰ আমোলাপট্টিৰ জে বি ৰোডত থকা শিক্ষা বিষয়া বুদ্ধদেৱ কটকীৰ ঘৰত আৰক্ষীয়ে চলাই অভিযান ৷

উল্লেখ্য যে বিষয়া কটকীক শনিবাৰে গুৱাহাটীত মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল ৷ কামৰূপ জিলা প্ৰাথমিক শিক্ষা বিষয়া বুদ্ধদেৱ কটকীয়ে কাৰ্যালয়তে উৎকোচ লৈ থকা অৱস্থাতে হাতে-লোটে দুৰ্নীতি নিবাৰক শাখাই কৰায়ত্ব কৰিছিল ৷ বিষয়া কটকীক কৰায়ত্ব কৰাৰ পিছত নগাঁও আৰক্ষীয়ে বাসভৱনত অভিযান চলাই ৷