যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসলৈ অসম আৰক্ষীৰ জাননী...
যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসলৈ অসম আৰক্ষীৰ জাননী... 
অসম

যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসলৈ অসম আৰক্ষীৰ জাননী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অংকিতা দত্তই দাখিল কৰা অভিযোগৰ ভিত্তিত অসম আৰক্ষীয়ে সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিৱাসলৈ জাননী জাৰি কৰিছে। দিছপুৰ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ইতিমধ্যে ৰুজু হৈছে গোচৰ। গোচৰ নম্বৰ 692/2023।

তেওঁৰ ওপৰত আৰোপিত ধাৰাসমূহ হৈছে আই পি চিৰ U/S 509/294/341/352/354/354 (A) (iv)/506 আদি। পূৱ গুৱাহাটীৰ অতিৰিক্ত আৰক্ষী উপ-আয়ুক্ত মৈত্ৰেয়ী ডেকাই জাৰি কৰা এই জাননীত ২ মে' ২০২৩ ৰ দিনৰ ১১ বজাৰ পূৰ্বে দিছপুৰ আৰক্ষী থানাত শ্ৰীনিৱাসক উপস্থিত হ'বলৈ নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য, যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তই শ্ৰীনিৱাসৰ বিৰুদ্ধে শাৰীৰিক, মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰি প্ৰথমে টুইট কৰাৰ পাছত পৰৱৰ্তী সময়ত দিছপুৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰিছিল।

ইয়াৰ পিছতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই বিষয়টো দলীয় মঞ্চত উত্থাপন কৰাৰ লগতে দিল্লীত বৈঠকৰ ব্যৱস্থা কৰাৰ আশ্বাস দিছিল যদিও অংকিতা দত্তই আৰক্ষীৰ কাষ চপাত তেওঁ দলটোৰ প্ৰাথমিক সদস্যৰ পৰা ৬ বছৰৰ বাবে বহিষ্কাৰ কৰা হৈছে।

ইফালে শনিবাৰে অসম আৰক্ষীৰ দুটাকৈ দলে শ্ৰীনিৱাসক আটক কৰিবলৈ কৰ্ণাটক আৰু দিল্লীলৈ ৰাওনা হৈছে। কৰ্ণাটকলৈ যোৱা আৰক্ষীৰ দলটোৰ নেতৃত্বত আছে এডিজিপি মৈত্ৰেয়ী ডেকা।