অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল...
অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল... 
অসম

অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ব্যাপক ৰদবদল...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত ৰদ-বদল। সত্যৰাজ হাজৰিকাক বি টি এ ডিৰ আই জি পি হিচাপে নিযুক্তি। পূৰ্বে তেওঁ ডিফুৰ ডি আই জি হিচাপে কৰ্মৰত আছিল।

তিনিচুকীয়াৰ আই জি পি হিচাপে নিযুক্তি দিয়া হৈছে জিৎমল দলেক। জিৎমল দলে পূৰ্বে তিনিচুকীয়াৰ ডি আই জি (এন ই আৰ) হিচাপে দায়িত্বত আছিল।

ৰে'ল বিভাগৰ ডি আই জিৰ দায়িত্বত থকা আবু ছুফিয়ানকো বদলি কৰা হৈছে। তেওঁক আই জি পি (এম পি চি)ৰ দায়িত্ব দিয়া হৈছে।

অৰবিন্দ কলিতাক আই জি পি, বি আই (ই অ') হিচাপে দায়িত্ব দিয়া হৈছে। পূৰ্বে তেওঁ অসম আৰক্ষীৰ আৱাস নিগমৰ সঞ্চালক হিচাপে কৰ্তব্যৰত আছিল। একেদৰে ইমদাদুল হুছেইনক বৰাকৰ আই জি পি (নিৰাপত্তা)ৰ দায়িত্ব দিয়া হৈছে।