অসম

নুমলীগড়ৰ বালিজান দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰফিকুল ৰহমান আৰক্ষীৰ জালত

Asomiya Pratidin

ডিজিটেল সংবাদ, নুমলীগড় : নুমলীগড়ৰ বালিজান দলবদ্ধ ধৰ্ষণ কাণ্ডৰ মাষ্টাৰমাইণ্ড ৰফিকুল ৰহমান আৰক্ষীৰ জালত । যোৱা ১৫ ফেব্ৰুৱাৰী তাৰিখে ২ নং পুৰাজংঘলৰ এগৰাকী ১৪ বছৰীয়া কিশোৰী বালিজান অঞ্চলত হোৱা থিয়েটাৰত দলবদ্ধ ধৰ্ষণ কৰিছিল ৪ যুৱকে ।

সৌৰভ গোহাঁই, চন্দেশ্বৰ দাস, জাহিদুল হুছেইনক যোৱা ২২ ফেব্ৰুৱাৰী তাৰিখে আটক কৰি তিনিজনক ইতিমধ্যে আৰক্ষীয়ে প্ৰেৰণ কৰিছে জেললৈ। পলাতক হৈ আছিল ৰফিকুল ৰহমান। যোৱা নিশা ফলঙনী অঞ্চলৰ পৰা খেদি খেদি আটক কৰিছে আৰক্ষীয়ে।