অসম

ৰাষ্ট্ৰীয় কাৰাটে প্ৰতিযোগিতাত উজ্বলিল কলিয়াবৰৰ খেলুৱৈ…

asomiyapratidin

ডিজিটেল সংবাদ কলিয়াবৰ: গুৱাহাটীত অনুষ্ঠিত তৃতীয় India KWF Open Full Contact Karate Championshipত অসমক প্ৰতিনিধিত্ব কৰি উজ্বলিল কলিয়াবৰৰ খেলুৱৈৰ দল। ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত এই কাৰাটে প্ৰতিযোগিতাত ৩ টা সোণ, ৫ টা ৰূপ আৰু ১৩টা ব্ৰঞ্জৰ পদক লাভ কৰে কলিয়াবৰৰ প্ৰতিযোগী দলটোৱে। প্ৰশিক্ষক বিপ্লৱ কুমাৰ শইকীয়াৰ নেতৃত্বত কলিয়াবৰৰ ৩০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল গুৱাহাটীৰ কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত এই কাৰাটে চেম্পিয়নশ্বিপত।

উল্লেখ্য যে, দলটোৰ কণমানি সদস্য অংশী প্ৰিয়ম আহমেদে ৯ বছৰ অনুৰ্দ্ধত দুটাকৈ শাখাত অংশগ্ৰহণ কৰি দুটা সোণৰ পদক লাভ কৰাৰ লগতে ১৩ বছৰ অনুৰ্দ্ধ শাখাত সংকল্প বৰাই লাভ কৰে এটা সোণৰ পদক। আনহাতে, এই কাৰাটে চেম্পিয়নশ্বিপৰ ভিন্ন শাখাত ৫ টা ৰূপ আৰু ১৩টা ব্ৰঞ্জৰ পদক লাভ কৰে কলিয়াবৰৰ প্ৰতিযোগীয়ে।