জি পি সিঙক ভুৱা এনকাউন্টাৰ বন্ধ কৰিবলৈ আলফা(স্বা)ৰ শেষ সকীয়নি
জি পি সিঙক ভুৱা এনকাউন্টাৰ বন্ধ কৰিবলৈ আলফা(স্বা)ৰ শেষ সকীয়নি 
অসম

এতিয়াৰে পৰা মন গ'লেই যাব নোৱাৰিব বনভোজলৈঃ কঠোৰ অসম আৰক্ষী...

Asomiya Pratidin

ডিজিটেল ডেস্কঃ দেশ কপাই যোৱা গোলাঘাটৰ ভয়াৱহ পথ দুৰ্ঘটনাৰ পাছতে অসম আৰক্ষীয়ে বনভোজৰ ক্ষেত্ৰত জাৰি কৰিছে এছ অ' পি। সুৰক্ষাসমূলক ব্যৱস্থাৰ অংশ হিচাপে জাৰি কৰা এই এছ অ' পিত অসম আৰক্ষীক যথেষ্ট কঠোৰ হোৱা দেখা গৈছে।

নতুন এছ অ' পি অনুসৰি বনভোজলৈ যোৱা বাহনত এতিয়াৰে পৰা আসনতকৈ অতিৰিক্ত মানুহ যাব নোৱাৰিব। বনভোজস্থলীৰ কাষত বিক্ৰী কৰিব নোৱাৰিব কোনোধৰণৰ সুৰা।

উল্লেখ্য যে, ৰাজ্যৰ প্ৰায় প্ৰতিটো বনভোজস্থলীতে সুৰাৰ মুক্ত আৰু অবাধ প্ৰচলন অব্যাহত আছে। এইবোৰ দেখিও আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা আজিলৈকে গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাছিল। গোলোঘাটৰ দুৰ্ঘটনাৰ পাছতহে এই দিশটোৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিছে আৰক্ষীয়ে।

সুৰা সেৱন কৰি বাহন চলোৱাটো পূৰ্বৰে পৰা নিষিদ্ধ আছিল যদিও নতুন এছ অ' পিত পুনৰ এই বিষয়ে উল্লেখ কৰা হৈছে। বনভোজলৈ যোৱাৰ বাহনত বজাব নোৱাৰিব উচ্চ প্ৰাবল্যৰ সংগীত।

আনহাতে পথৰ কাষত যিসমূহ ধাবা আছে আৰু দেশীয় সুৰা উপলব্ধ হয় তেনেবোৰ ধাবাৰ ধাৰাবাহিকভাৱে অভিযান চলাব আৰক্ষীয়ে। প্ৰতিটো বনভোজকাৰীয়ে সূৰ্যোদয়ৰ আৰু সূৰ্যাস্তৰ মাজত সামৰিব লাগিব বনভোজ।

বনভোজকাৰীসকলে স্থানীয় আৰক্ষীক জনাব লাগিব যাত্ৰাৰ আৰম্ভণি আৰু লক্ষ্যস্থানৰ সবিশেষ। গাঁওৰক্ষী বাহিনীৰ সহায়ত নিৰীক্ষণ গোট ৰাখিব লাগিব আৰক্ষীয়ে।

ইয়াৰোপৰি বিপদসংকুল বনভোজথলীত ব্যৱস্থা কৰিব লাগিব পৰ্যাপ্ত পোহৰৰ। পাৰ্কিঙৰো সু-ব্যৱস্থা থাকিব লাগিব বনভোজথলীৰ কাষত। আনহাতে বনভোজকাৰীৰ বাহনৰ চালকে জোতা পৰিধান কৰাটো বাধ্যতামূলক। কুঁৱলীৰ সময়ত চলাচল কৰিব নোৱাৰিব বনভোজকাৰীয়ে।